Breaking

গাহৰি পালনেৰে স্বাৱলম্বী নগাঁৱৰ ভুৱন বসুমতাৰী

0 1,743

নগাঁও : যি সময়ত ৰাজ্যখনৰ লাখ-লাখ শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে সেই সময়তে কোনো ধৰণৰ চৰকাৰী চাকৰিক ভৰসা নকৰি একমাত্ৰ নিজৰ ঐকান্তিক প্ৰচেষ্টা, একাগ্ৰতা আৰু কষ্ট সহিষ্ণুতাৰ বলত গাহৰি পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁও জিলাৰ বঢ়মপুৰৰ নিকটৱৰ্তী বৰবাৰী কছাৰীগাঁৱৰ জীৱন চন্দ্ৰ বসুমতাৰী আৰু মাখনী বসুমতাৰীৰ পুত্ৰ বিশ্ব ভুৱন বসুমতাৰীয়ে। আজিৰ পৰা প্ৰায় ৯ মাহৰ আগতে ১০ টা পোৱালি গাহৰিৰে আৰম্ভ কৰা বিশ্ব ভুৱন বসুমতাৰীৰ গাহৰি ফাৰ্মখনে বৰ্তমান সমগ্ৰ বঢ়মপুৰৰ লগতে বৰবাৰী অঞ্চলৰ ভিতৰত এখন আগশাৰীৰ ফাৰ্ম হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা ২০১৫ চনত স্নাতক ডিগ্ৰী লাভ কৰি এই গৰাকী শিক্ষিত যুৱকে এসময়ৰ মহাবিদ্যালয়খনৰ উপ-সভাপতিৰ পদতো অধিষ্ঠিত হৈছিল। কলেজীয়া শিক্ষা সমাপ্ত কৰি ঘৰতে এনেই হাত সাৱটি বহি নাথাকি চৰকাৰীভাৱে কোনো ধৰণৰ আৰ্থিক সাহায্য অবিহনে আৰম্ভ কৰা ফাৰ্মখনত বৰ্তমান ১০ টা পোৱালি গাহৰি আৰু ১১ টা উন্নত প্ৰজাতিৰ গাহৰি আছে। বিশ্বই জানিবলৈ দিয়া মতে, এবাৰত এটা গাহৰিয়ে ১০-১৫ টা পৰ্য্যন্ত পোৱালিৰ জন্ম দিয়ে আৰু এই পোৱালিসমূহ প্ৰায় ৫০ দিন ৰখাৰ পাছত একোটাৰ পৰা প্ৰায় ৪,৫০০ টকা উপাৰ্জন হয়। বৰ্তমান হিমচেয়াৰ আৰু ইয়ৰ্কচেয়াৰ প্ৰজাতিৰ গাহৰি বৰ্ণসংকৰ কৰাই এক উন্নত প্ৰজাতিৰ গাহৰি জন্ম দিয়া হয় এই ফাৰ্মখনত। ২৮ বছৰীয়া এই কৰ্মোদ্যমী যুৱকজনে জানিবলৈ দিয়া মতে, গাহৰি পালন এক পৰ্য্যাবৰণ অনুকূল ব্যৱসায়। ৰাস্তাৰ দাঁতিত থকা কচু, তুহগুৰি, শুকান মাছৰ গুৰি, খলিয়হ, মিনাৰেল মিক্সাৰ আদি সামগ্ৰী তেওঁ গাহৰিক খাদ্য হিচাপে যোগান ধৰে। উদ্যমী যুৱকজনে জনোৱা মতে, অসম চৰকাৰৰ পশুপালন বিভাগৰ তৰফৰ পৰা আজি পৰ্য্যন্ত তেওঁক কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই। ইফালে, গাহৰিৰ সততে হোৱা কিছুমান সংক্ৰামক ৰোগৰ চিকিৎসাও চৰকাৰী সা-সুবিধা অবিহনে নিজা খৰচত কৰিবলগা হয়। উক্ত ফাৰ্মখনৰ পৰা বিশ্বই ১০ টা গাহৰি বিক্ৰীৰে নিৰ্দিষ্ট এটা সময়ৰ মূৰে-মূৰে ৪৫,০০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰে আৰু এই উপাৰ্জনৰ ধনেৰে ফাৰ্মখনত থকা আন এগৰাকী কৰ্মচাৰীৰ লগতে নিজৰ পৰিয়ালটোকো আৰ্থিকভাৱে সকাহ দিব পাৰিছে।

Leave A Reply