Breaking

১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এৰ’ ইণ্ডিয়াৰ ১৪ সংখ্যক সংস্কৰণৰ দ্বিবাৰ্ষিক বিমান প্ৰদৰ্শনী…

0 41

অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এৰ’ ইণ্ডিয়াৰ ১৪ সংখ্যক সংস্কৰণৰ দ্বিবাৰ্ষিক বিমান প্ৰদৰ্শনী। এই এৰ’ ইণ্ডিয়া ২০২৩ বেংগালুৰুৰ য়েলাহাংকাস্থিত বায়ুসেনা ষ্টেচনত অনুষ্ঠিত হ’ব।

কেন্দ্ৰীয় চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতক প্ৰতিনিধিত্ব কৰি এইবাৰ প্ৰদৰ্শন হ’ব বিশেষ অনুষ্ঠান- ‘য়ুনিক আত্মনিৰ্ভৰ ফৰ্মেচন’।

এই ‘য়ুনিক আত্মনিৰ্ভৰ ফৰ্মেচন’ত হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)ৰ দ্বাৰা নিৰ্মিত ১৫ খন হেলিকপ্টাৰৰ বিশেষ প্ৰদৰ্শন হ’ব। প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ বিমান নিৰ্মাণ প্ৰতিষ্ঠানটোৱে প্ৰথমবাৰৰ বাবে নিজৰ হিন্দুস্তান লিড ইন ফাইটাৰ ট্ৰেইনাৰৰ বা এইচ এল এফ টি-৪২ৰ স্কেল মডেল প্ৰদৰ্শন কৰিব।

Leave A Reply