Breaking

বিহালীৰ একমাত্র উচ্চ শিক্ষা অনুষ্ঠান বিহালী মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস

0 140

মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্র , দল সংগঠনৰ নেতা, অধ্যাপক-অধ্যাপিকা সকলো একত্রিত হৈ উদযাপন কৰিলে ৩৩ সংখ্যক মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসটি ।

বিহালী অঞ্চলৰ একমাত্র উচ্চ শিক্ষা অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালত আজি ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিহালী অঞ্চলৰ দল-সংগঠন প্ৰতিষ্ঠাপক ব্যক্তি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক লৈ অনুষ্ঠিত হয় যায় । পুৱা পতাকা উত্তোলনৰ পিছতে এখন সভা আয়োজন কৰা হয় ।

মহাবিদ্যালয় খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক টুনটুন বৰাই পৰিচালনা কৰা সভাখনত উপস্থিত থাকি মহাবিদ্যালয়খনৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে ক্ৰমে মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ কটকী ;অৱসৰ প্ৰাপ্ত শিক্ষক স্বৰাজ হাজৰিকা :সমাজ কৰ্মী প্ৰেমলাল গঞ্জু :অৱসৰ প্ৰাপ্ত শিক্ষক ডিম্বেশ্বৰ গোস্বামী : গাংমৌথানৰ ডেকা সত্ৰাধীকাৰ ৰূপম গোস্বামী “বৰগাং শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক তৰুণ দাস :সমাজ কৰ্মী শুকদেৱ বৰুৱা :বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সদস্য নীল দাস :অৱসৰ শিক্ষক বৈশ্যাকু ৰয় “বৰগাং হাইস্কুলৰ প্ৰধান শিক্ষক চিত্র ৰঞ্জন ৰয় আদিয়ে বক্তব্য ৰাখে ।

Leave A Reply