Breaking

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীৰ ভয়ংকৰ খহনীয়া, গড়াখহনীয়া ৰোধৰ স্থায়ী সমস্যা সমাধানৰ দাবী বিহালীবাসীৰ

0 2,063

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীয়ে ভয়ংকৰ খহনীয়া আৰম্ভ কৰিছে। যোৱা কিছুদিন ধৰি বৰগাং নদীৰ পানী বাঢ়ি অহাত বিহালী সমষ্টিৰ  বৰঝাৰণী গাওঁ পঞ্চায়তৰ অধীনৰ  টেঙাবাৰীৰ সমীপত খহনীয়াৰ কালৰূপ ধৰাত  শংকিত হৈ পৰিছে গাওঁবাসী। ইতিমধ্যে  বৰগাং নদীৰ খহনীয়াৰ ফলত টেঙাবাৰী অঞ্চলৰ  বহু লোকৰ মাটি, ঘৰ, বাৰী আদিৰ এক  বৃহৎ এলেকা নদীৰ বুকুত জাহ গৈছে। তথাপিও আজিলৈকে খহনীয়া ৰোধৰ স্থায়ী কোনো ব্যৱস্থা ই ল’ব পৰা নাই জলসম্পদ  নামৰ এই বিভাগটোৱে । ইফালে বৰগাং নদীৰ খহনীয়াই প্ৰতি বছৰে বিহালী সমষ্টিৰ চাহ বাগিচাৰ বৃহৎ সংখ্যক মাটি,  কৃষকৰ বহু হেক্টৰ কৃষি ভূমিৰ লগতে বহুজনৰ ঘৰ বাৰী আদি নদীৰ বুকুত বিলীন কৰি আহিছে। কিন্তু আজি পৰ্যন্ত ইয়াৰ এক বিগ্ঞান সন্মত সমাধান নিশ্চিত কৰিব পৰা নাই ৰাজ্য চৰকাৰ তথা জলসম্পদ বিভাগে। উল্লেখ্য যে উক্ত অঞ্চলত বিগত সময়ত খহনীয়াই কাল ৰূপ ধাৰণ কৰি আহিছিল  যদিও বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতাত সেই স্থানত বান্ধৰ ব্যৱস্থা কৰি কিছু পৰিমানে খহনীয়া প্ৰতিৰোধ কৰা দেখা গৈছিল। ইফালে বাৰিষাৰ আগমনৰ লগে লগে পুনৰ  খহনীয়া আৰম্ভ হয় টেঙাবাৰী অঞ্চলত।  বৰগাং নদীৰ খহনীয়াৰ কবলত পৰা টেঙাবাৰী অঞ্চলৰ খহনীয়া ৰোধৰ বাবে ৰাজ্য চৰকাৰ তথা জলসম্পদ বিভাগক বিহিত ব্যৱস্থা ল’বৰ বাবে দাবী জনাইছে ৰাইজে।

Leave A Reply