Breaking

বীৰ শ্বহীদ তথা অসম সন্তান সুনিল কলিতালৈ বীৰতা পদক…

0 55

পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বীৰ শ্বহীদ সুনিল কলিতাই। বীৰ শ্বহীদ তথা অসম সন্তান সুনিল কলিতালৈ বীৰতা পদক (ৰাষ্ট্ৰপতি পুলিচ মেডেল)। আজি দিল্লীৰ বসন্তকুঞ্জৰ শৌৰ্য ভৱনত CRPF ৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা ‘বীৰতা পদক বিজেতা সমাৰোহ’ত এই বঁটা প্ৰদান কৰা হয় বীৰ শ্বহীদগৰাকীক। শ্বহীদগৰাকীৰ হৈ বঁটা গ্ৰহণ কৰে পত্নী তথা বীৰ নাৰী পদুমী ডেকাই। পৰাক্ৰম, সাহসিকতা আৰু পাৰদৰ্শিতাৰ বাবে সুনিল কলিতালৈ এই সন্মান। আজিৰ এই সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত intelligence bureau তথা অসম সন্তান তপন কুমাৰ ডেকা, CRPF ৰ DG ড° সুজয় লাল থাওচে। সেনা বাহিনীত থাকি অদম্য সাহস, পৰাক্ৰম আৰু মাওবাদীৰ সৈতে সমুস সমৰৰ পৰা যুদ্ধত জয়ী হৈ দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিয়াৰ বাবে সুনিল কলিতাই ইতিমধ্যে পৰাক্ৰম সন্মান,পুলিচ পদক সন্মান লাভ কৰিছে।

উল্লেখ্য যে ২০১৯ চনৰ ২৮ মে’ ত ঝাৰখণ্ডৰ চৰাইকিল্লাৰ অতব্য জংঘলত এক অভিযানত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিজৰ পাৰদৰ্শিতা দেখুৱাই সমুখ সমৰৰ পৰা মাওবাদীৰ সৈতে যুদ্ধ কৰি মাওবাদিক সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিল যদিও মাওবাদীৰ IED বিষ্ফোৰণত আহত হৈছিল সুনীল কলিতাসহ CRPF ৰ অভিযানকাৰী দলটো। কিন্তু গুৰুতৰভাবে আহত হৈয়ো সুনিল কলিতাই নিজৰ সহযোগিসকলক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ লৈ গৈছিল। অৱশেষত আহত অৱস্থাত চিকিৎসালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় বীৰগৰাকীৰ।

Leave A Reply