Breaking

গুৱাহাটী পৌৰনিগম দখলৰ দিশে বিজেপি মিত্ৰজোঁট……

0 87

গুৱাহাটী পৌৰনিগমৰ ভোটগণনা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰৰে ৫৭ টা ৱাৰ্ডৰ বাবে ভোটগণনা কৰা হৈছে। ৬০টা ৱাৰ্ড যুক্ত গুৱাহাটী পৌৰসভাৰ ইতিমধ্যে ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী। পূৰ্ণগতিত অব্যাহত আছে ভোটগণনা।

১ নং ৱাৰ্ডত বিজয়ী হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হুকুম চান্দ বক্সী, ২নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মুকুল কলিতা, ৩নং ৱাৰ্ড বিজেপি প্ৰাৰ্থী কল্লোল চক্ৰৱৰ্তী, ৪ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী কনকলতা সাহা দে, ১১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মঞ্জুলা দেৱীয়ে বিজয় সাব্যস্ত কৰিছে, ১২ নং ৱাৰ্ডত এজেপি প্ৰাৰ্থী দিপাংকৰ বৈশ্য, ১৩নং এজিপি পূৰবী তালুকদাৰ, ১৪নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মঞ্জু বৰা, ১৫নং ৱাৰ্ডত সৌৰভ ঝুনঝুনৱালা, ১৬নং ৱাৰ্ডত বিজেপি প্ৰমোদ গোস্বামী, ৩১ নং ৱাৰ্ডত বিজয়ী হৈছে বিজেপিৰ ৰত্না সিং, ৩২ নং ৱাৰ্ডত বিজেপি নীলম জ্যোতি ভূঞা, ৩৩নং ৱাৰ্ডত এজেপিৰ মীৰা দাস চহৰীয়া, ৩৪ নং ৱাৰ্ড বিজেপি প্ৰাৰ্থী জোনমণি বৰা,

৩৫নং ৱাৰ্ডত বি জে পি নবীন বৰা, ৪১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বাসন্তী কলিতা বিজয়ী হৈছে, ৪২ নং ৱাৰ্ডত আপ প্ৰাৰ্থী মাছুমা বেগম, ৪৩নং ৱাৰ্ডত বি জে পি প্ৰাৰ্থী অঞ্জন বৰা, ২১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সন্দীপ দেৱ বিজয়ী হৈছে, ২৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মাজিতা দৈমাৰী, ২৪নং ৱাৰ্ডত এজিপি প্ৰাৰ্থী বিজু মেধী, ২৫নং ৱাৰ্ডত বিজেপি মঞ্জুলা ৰাভায়ে বিজয় সাব্যস্ত কৰিছে। ৫১নং ৱাৰ্ডত বিজেপি ডিম্পল ৰাভা, ৫২নং বিজেপি গকুল গোস্বামী বিজয়ী হৈছে।

কংগ্ৰেছে এখনো আখন দখল কৰিবলৈ সক্ষম হোৱা নাই।

Leave A Reply