Breaking

নৱনিৰ্মিত চাপৰ ৰেল ষ্টেশনৰ নিলগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ

0 1,049

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰ ৰেল ষ্টেশনৰ কাষতে থকা এটা পুখুৰী সদৃশ গাতত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ গোটেই অঞ্চলজুৰি এক চাঞ্চ্যলকৰ পৰিবেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে মৃত যুৱকজন  চাপৰ সত্যপুৰ অঞ্চলৰ নিবাসী অমিও কুমাৰ মেধিৰ পুত্ৰ অভিজিৎ মেধী ওৰফে পেলু ।পৰিয়ালৰ লোকে জানিব দিয়া মতে যুৱকজনে প্ৰায় ২ ঘন্টামান আগতে চাইকেলেৰে খেতিৰ কামৰ কাৰণে বাহিৰলৈ আহিছিল ট্ৰেক্টৰ বিছাৰি। কিন্তু বহু সময় ধৰি উভতি নোযোৱাত ঘৰৰ মানুহ চিন্তনীয় হয় আৰু বিছাৰিবলৈ ধৰে। পিছত ৰাস্তাৰ কাষত চাইকেল আৰু পুখুৰী সদৃশ গাতৰ কাষত ছাতি দেখা পাই সন্দেহ কৰে আৰু পুখৰীটোত বিছাৰিবলৈ আৰম্ভ কৰে।অৱশেষত ৰাইজৰ সহযোগত যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ঘটনাটোৰ আচল ৰহস্য কি হত্যা নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই ।আৰক্ষীৰ তদন্দৰ পিছতহে ইয়াৰ আচল ৰহস্য পোহৰলৈ আহি পৰিব

Leave A Reply