Breaking

নিজ গৃহ পালেহি বীৰ শ্বহীদ নিতুল গগৈৰ মৃতদেহ : ছয় জাঁই টোপ ধ্বনিৰে ৰাজ্যিক ময্যদাৰে শেষ শ্ৰদ্ধাঞ্জঁলি

0 2,037

এক শোকাকুল পৰিবেশত  চীন ভাৰতৰ সীমান্ত চিয়াচিন গ্লেচিয়াৰত কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাৱটি লোৱা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখ টিপমীয়া গাৱঁৰ সেনা বাহিনীৰ বীৰ শ্বহীদ জোৱান নিতুল গগৈৰ নশ্বৰদেহ আজি বিয়লি নিজ জন্ম গাওঁ আহি পোৱাৰ পাছতে এক শোকাকুল পৰিবেশত ৰাজ্যিক পয্যায়ৰ সামৰিক ময্যদাৰে শেষ কৃত সম্পন্ন কৰা হয়। এক বিশেষ বিমানৰ জৰিয়তে বীৰ শ্বহীদ গৰাকীৰ মৃতদেহ ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰ আহি পোৱাৰ পাছতে সেনা বাহিনীয়ে শ্ৰদ্ধাঞ্জঁলী জনোৱাৰ পাছতে সেনা বাহিনীৰ গাড়ীত বীৰ শ্বহীদ গৰাকীৰ মৃতদেহ নিজ গৃহলৈ কঢ়িয়াই আনে। সেনা বাহিনীৰ অষ্টম অসম ৰেজিমেন্টৰ নায়ক চুবেদাৰ পদত নিয়োজিত বীৰ শ্বহীদ গৰাকী কেইমাহমানৰ পূৰ্বে চিয়াচিন গ্লেচিয়াৰত কামত যোগদান কৰিছিল।সামুদ্ৰিক পৃষ্ঠৰ পৰা 19600 কিলো মিটাৰ উচ্চতাত নিয়োজিত সেনা বাহিনীৰ বীৰ শ্বহীদ গৰাকী যোৱা 13 মাৰ্চ তাৰিখে কৰ্মৰত অৱস্থাতে অসুস্থ হৈ পৰে।ততাতৈয়াকৈ সেনা বাহিনীৰ চিকিৎসালয়ত ভৰ্তী কৰাই যদিও চিকিৎসাধীন অৱস্থাত উক্ত দিনাই মৃত্যুক সাৱটি লয়। যোৱা 4 মাৰ্চ তাৰিখে বিধবা মাতৃ  নিজ পত্নী আৰু কণমানি  কণ্যা  দুজনিৰ সৈতে মবাইলত ভিডিঅ কলৰ জৰিয়তে শেষ কথা পতা বীৱ শ্বহীদ গৰাকী অহা মে মাহত নিজ ঘৰলৈ দুমাহৰ বাবে ছুটিত অহাৰ কথা আছিল। কিন্তু তাৰ পৰিবৰ্তে বীৰ শ্বহীদ গৰাকীৰ নিথৰ দেহ বগা কাপোৰে আবৃত হৈ কফিনত সোমাই আহিল নিজ গৃহলৈ।শ্বহীদগৰাকীৰ মৃতদেহ খনামুখ তিনি আলি আহি পোৱাৰ পাছতে গায়ন বায়নসহ শতাধিক মটৰ চাইকেলেৰে বীৰ শ্বহীদ নিতুল গগৈ অমৰ হওক আদি ধ্বনিৰে নিজ গৃহলৈ আদৰি আনে।গাওঁখনৰ প্ৰতিটো পৰিয়ালে পদুলিমুখত বন্তি প্ৰজ্বলন আৰু অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জঁলি জনায় বীৰশ্বহীদ নিতুল গগৈক।অতি অমায়িক মৃদুভাষী  বীৰ শ্বহীদগৰাকীৰ বাসগৃহত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে শেষ শ্ৰদ্ধাঞ্জঁলী জনাবলৈ অধীৰ আগ্ৰহৰে ৰৈ আছিল। সামৰিক জোৱান সকলে শ্বহীদ গৰাকীৰ নশ্বৰদেহ কঢ়িয়াই অনা সামৰিক বাহিনীৰ বিশেষ বাহনখনৰ পৰা আপোনঘৰখনলৈ কঢ়িয়াই  অনাৰ পাছতে কান্দোনৰ ৰোল উঠে। বীৰ শ্বহীদ গৰাকীৰ সত্তোৰদ্ধৰ বৃদ্ধা মাতৃৰ লগতে পত্নী কবিতা গগৈ প্ৰথম আৰু মুকুল শ্ৰেণীত অধ্যনয়ৰত কণমানি কণ্যা দিবাক্ষী আৰু দিপাশ্ৰীৰ হিয়াঁ ভগা কান্দোনে তাত উপস্থিত প্ৰত্যেকজন লোকক আবেগিক কৰি তোলে।তাৰ পাছতে শ্বহীদগৰাকীৰ বাসগৃহত এক শ্ৰদ্ধাঞ্জঁলী অনুষ্ঠান অনুষ্ঠিত হয়।সেনা বাহিনীৰ অষ্টম অসম ৰেজিমেন্টৰ জি অ চি ৪১ আৰু ১০১ চাব এৰিয়াৰ কামণ্ডিং অফিচাৰ, ১১ আসাম গাৰ্লচ কৰ্প এনচিচিৰ(শিৱসাগৰ) শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা,আমগুৰি সমষ্টিৰ অগপৰ মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা,অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰজোটৰ প্ৰাৰ্থী চন্দ্ৰ বৰুৱা,বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিব্বাহক সদস্য ডঅংশ্ৰুমিতা গগৈ,শিৱসাগৰ আৰু যোৰহাট জিলাৰ প্ৰাক্তন সেনা বাহিনী সন্থাৰ চেয়াৰমেন এচ আৰ হাজৰিকা আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জঁলী জনোৱাৰ পাছতে বীৰ শ্বহীদ গৰাকীৰ মৃতদেহ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ঘৰৰ সন্মূখৰ সৎকাৰ স্থলীলৈ লৈ যায়। ভতিজায়েক মাইনা গগৈয়ে মুখাগ্নি কৰা বীৰ শ্বহীদ গৰাকীক অন্ত্যোষ্টিক্ৰিয়াৰ পূৰ্বে সামৰিক বাহিনীৰ জোৱানসকলে আঠ জাই টোপধ্বনিৰ সৈতে  ৰাজ্যিক সামৰিক ময্যদাৰে শেষ শ্ৰদ্ধাঞ্জঁলী জনায়।

Leave A Reply