Breaking

বকো বন বিভাগৰ বৃহৎ সফলতা: বৃহৎ পৰিমানৰ চোৰাং কাঠভৰ্তি নম্বৰপ্লেট বিহীন ট্ৰাক জব্দ

0 544

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চল সমূহত বন মাফিয়াৰ বনাঞ্চল ধ্বংস কাৰ্য অব্যাহত থকাৰ মাজতে এই বনধ্বংস ৰুধিবলৈ বনকৰ্মীয়েও অব্যাহত ৰাখিছে দিনে নিশাই অভিযান ৷ বিশেষকৈ বকোস্থিত শিংৰা বনাঞ্চলিকৰ বনৰক্ষী বাহিনীয়ে নিদ্ৰাহৰণ কৰিছে দক্ষিণ- পশ্চিম কামৰূপৰ লগতে মেঘালয় ৰাজ্যৰো চোৰাং কাঠ ব্যৱসায়ীৰ ৷ সোমবাৰে পুৱতি নিশাও বকোৰ বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে  এক অভিযান চলাই লাভ কৰে বৃহৎ সফলতা ৷ জব্দ কৰিবলৈ সক্ষম হয় মেঘালয়ৰ পৰা অহা বৃহৎ পৰিমানৰ চোৰাং কাঠভৰ্তি নম্বৰপ্লেট বিহীন এখন ট্ৰাক ৷ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া আব্দুল ৰৌফ আহমেদৰ নেতৃত্বত  বকোৰ বনৰক্ষী বাহিনীয়ে বন্দাপাৰা বনাঞ্চলিকৰ বনকৰ্মীৰ সহযোগত পুৱতি নিশা প্ৰায় চাৰে তিনি বজাত চলায় এই সফল  অভিযান । এক বিশেষ গোপন সূত্ৰৰ পম খেদি বনৰক্ষী বাহিনীৰ নিয়মীয়া টহলদাৰী এই দলটোৱে যৌথভাৱে চলোৱা অভিযানত  মেঘালয়ৰ পৰা অহা চোৰাং কাঠভৰ্তি ট্ৰাকখনৰ শুংসূত্ৰ বিচাৰি বকোৰ পশ্চিম প্ৰান্তৰ হেকৰাৰ পৰা ট্ৰাকখন জব্দ কৰাবলৈ সক্ষম হয় ৷ ইফালে,বনৰক্ষী বাহিনীৰ আগমন দেখা পাইয়ে ট্ৰাকখনৰ চালকজন এন্ধাৰৰ সুযোগ লৈ পলাই সাৰে ৷  ইফালে, বকো বনাঞ্চলিক বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, চোৰাং কাঠ খিনি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা আনি চোৰাং ব্যৱসায়ীয়ে মালিবাৰী পৰা  ব্ৰক্ষ্মপুত্ৰ হৈ বৰপেটালৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল। জব্দ হোৱা চোৰাং কাঠখিনিৰ মূল্য প্রায় লক্ষ্যাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।

Leave A Reply