Breaking

সীমান্ত চেতনা মঞ্চৰ ‘সীমান্ত সংকল্প যাত্ৰা’

0 1,532

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ১৫ আগষ্টত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত ভাৰত-ভূটান সীমান্তলৈ এক ‘সীমান্ত সংকল্প যাত্ৰা’ উলিওৱা হয়। গুৱাহাটীৰ জালুকবাৰীস্থিত লাচিত উদ্যানৰ পৰা আৰম্ভ কৰা সীমান্ত সংকল্প যাত্ৰা সেউজীয়া পতাকা জোকাৰি শুভাৰম্ভণি কৰে সংগঠনটোৰ ৰাজ্যিক উপ-সভাপতি ড০ নৱজ্যোতি বৰাই। গুৱাহাটী মহানগৰৰ সভাপতি দ্বিজেন্দ্ৰ শৰ্মা আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ কলিতাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোত অংশগ্ৰহণ কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ কনকলতা নগৰ সমিতিৰ প্ৰভাৰী তথা গুৱাহাটী মহানগৰৰ কাৰ্যনিৰ্বাহ সদস্য ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী, সম্পাদক জ্যোতিপ্ৰসাদ কাকতি, ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য চন্দন বৰ্মন, আয়ুষ্কাম সমবায় সমিতি লিমিটেডৰ সভাপতি অশোক শইকীয়া প্ৰমুখ্যে এটি চৌবিছজনীয়া দলে। ভাৰত-ভূটান সীমান্তৱৰ্তী দৰংগাত অৱস্থিত সশস্ত্ৰ সীমা বলৰ চিক্সটী ফোৰ বেটেলিয়নৰ বি অ’ পিৰ দায়িত্বত থকা জোৱানসকলৰ সৈতে চেতনা মঞ্চৰ কাৰ্যকৰ্তাসকলে মত-বিনিময় কৰে। অনুষ্ঠানত এছ এছ বিৰ ডগ স্কোয়ড্ পৰিদৰ্শন কৰা হয়।  পিছত বেটেলিয়নটোৰ উপ-পৰিদৰ্শক চুমন চুব্বাৰ নেতৃত্বত এটি জোৱনৰ দলৰ সৈতে সীমান্ত চেতনা মঞ্চৰ প্ৰতিনিধি দলটোৱে ভাৰত-ভূটান সীমান্ত পৰিদৰ্শন কৰে। দিনটোৰ দ্বিতীয় কাৰ্যক্ৰমত এন জি দৰংগা গাঁৱৰ পগলা বাবা মন্দিৰত অনুষ্ঠিত সভাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্তীণ ২৫গৰাকী কৃৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটী মহানগৰৰ সভাপতি দ্বিজেন্দ্ৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সংগঠনটোৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক ৰিদিপ ডেকাই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে।

Leave A Reply