Breaking

দেৰগাঁৱৰ গোলোং টেমেৰাত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ উদ্যোগত বড়ো ধানৰ বীজ চপোৱাৰ কৰ্মশালা

0 55

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ সময় উপযোগী পদক্ষেপ। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প(APART)ৰ উদ্যোগত, গোলাঘাট কৃষি গৱেষণা কেন্দ্ৰৰ সৌজন্যত বৃহস্পিবাৰে দেৰগাঁৱৰ সমীপৱৰ্তী গোলোং টেমেৰাত কৃষি যান্ত্ৰিকীকৰণৰ দ্বাৰা বড়ো ধানৰ বীজ চপোৱাৰ এক কৰ্মশালা অনুষ্ঠিত হয়।

অনুষ্ঠানটিত উপস্থিত থাকে আন্তৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী বিবেক কুমাৰ,শস্য ৰক্ষা বিভাগ আৰু এপাৰ্টৰ তত্বাৱধায়ক সংযুক্তা শইকীয়া, উদ্যোগ শস্য বিভাগৰ বিজ্ঞানী ড°ভৈৰৱ গগৈ,গোলং টেমেৰা পঞ্চায়তৰ সভানেত্ৰী জয়ন্তী লয়িং, সহকাৰী অভিযন্তা ইমৰান হুছেইন, এপাৰ্টৰ প্ৰকল্প সহযোগী মনোজ পেগু, গৱেষণা আৰু প্ৰযুক্তি বিদ্যাৰ বিপ্লৱ বৰুৱা, দেৱজিৎ ভূঞা আৰু ভাস্কৰ জ্যোতি শৰ্মা, গাঁও প্ৰধান ফণীন্দ্ৰ লইংৰ লগতে প্ৰগতিশিল কৃষক সকল।

প্ৰশিক্ষণ কাৰ্যসূচীত কৃষি ক্ষেত্ৰতখনত জড়িত কৃষক সকলে বীজ নিৰ্বাচন, পানী যোগান, বতৰ পৰিৱৰ্তন, শ্ৰমিকৰ নাটনি, অনিয়ন্ত্ৰিত বজাৰ আদি বিভিন্ন সমস্যাত ভুগি আহিছে।

কৃষি যান্ত্ৰিকীকৰণৰ দ্বাৰা এই বিভিন্ন সমস্যা সমূহৰ সমাধানৰ লগতে কৃষকৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই ‘ধানৰ বীজ সিঁচা, চপোৱা, শুকুৱাই সংৰক্ষণ কৰি প্ৰক্ৰিয়াকৰণ কৰা’ শীৰ্ষক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণৰ দ্বাৰা কৃষক সকল উপকৃত হ’ব বুলি জানিবলৈ দিয়ে।

Leave A Reply