বৰ্তমান ব্যস্ত জীৱনত সকলোৰে বাবে সময়ৰ অভাৱ।(Breakfast) এনে পৰিস্থিতিত মানুহে প্ৰায়ে ব্ৰেকফাষ্টক আওকাণ কৰে বা খৰখেদাকৈ অস্বাস্থ্যকৰ খাদ্য খায়। কিন্তু স্বাস্থ্যসন্মত ব্ৰেকফাষ্টে আপোনাক দিনটোৰ ভিতৰতে শক্তিশালী কৰি ৰখাই নহয়, স্বাস্থ্যৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ। যদি আপুনিও সময়ৰ অভাৱত ব্ৰেকফাষ্ট এৰে, তেন্তে চিন্তা নকৰিব। আমি আপোনালোকক এনে ৫টা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট বিষয়ে কম, যিসমূহ খাদ্য ১০ মিনিটতে সাজু হ’ব-
১/ ফলৰ সৈতে ওটছ
ওটছ এবিধ ছুপাৰফুড, ইয়াত আঁহ আৰু প্ৰটিনযুক্ত প্ৰচুৰ পৰিমাণে থাকে। বনাবলৈ মাত্ৰ ৫-৭ মিনিট সময় লাগে। গাখীৰ বা পানীত ওটছৰ ৰান্ধিব পাৰে। সিজোৱাৰ পিছত তাত নিজৰ পছন্দৰ কটা ফল যেনে কল, আপেল বা জামুক দিব। ওপৰত কেইটোপালমান মৌ দি দিলে আপোনাৰ স্বাস্থ্যকৰ ব্ৰেকফাষ্ট সাজু হ’ব!
২) টোষ্টৰ সৈতে কণীৰ অমলেট
কণীত প্ৰটিনৰ এক উত্তম উৎস, কণী ৰাতিপুৱা খাব পাৰে। এটা বা দুটা কণী বিট কৰি তাত মিহিকৈ কটা পিঁয়াজ, বিলাহী আৰু কেঁচা জলকীয়া দিব পাৰে। ননষ্টিক কেৰাহীত সিজাই ল’ওক’ব পাৰে। মাল্টিগ্ৰেইন টোষ্টৰ সৈতে পৰিবেশন কৰিব পাৰে।
৩/ চেমোলিনা উপমা
চেমোলিনাৰ পৰা তৈয়াৰী উপমা সহজে হজমো হয় আৰু খাব পাৰে, বনাবলৈও অতি সহজ।
৪/ মগু দাইল চিলা
মগু দাইলৰ পৰা তৈয়াৰী চিলা প্ৰটিন আৰু আঁহৰ ভাল উৎস, যিয়ে ওজন কমোৱাতো সহায় কৰে। প্ৰথমে ৰাতি তিয়াই থোৱা মগু দাইলখিনি পিহি পেষ্ট বনাওক। এতিয়া তাত আদা, কেঁচা জলকীয়া, নিমখ আৰু মিহিকৈ কটা শাক-পাচলি দিব। তাৰ পিছত কেৰাহীত অলপ তেল লগাই চিলা বনাওক।
৫/ বাদামৰ সৈতে গ্ৰীক দৈ
যদি আপোনাৰ একেবাৰে সময় নাই, তেন্তে গ্ৰীক দৈটোৱেই উত্তম বিকল্প। প্ৰথমে এটা বাটিত গ্ৰীক দৈ লওক। তাত আলমণ্ড, আখৰোট, কিচমিচ আৰু মৌ মিহলাই খাব পাৰে।