Breaking

ধুবুৰীত ৪৮ বেটেলিয়ানৰ চি আৰ পি এফ আৰু আৰক্ষীৰ যৌথ অভিযানত ব্ৰাউন ছুগাৰ জব্দ

0 1,527

ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।  ধুবুৰী জিলাৰ অন্তৰ্গত আদাবাৰী গাঁও পঞ্চায়তৰ ৰোৱা দ্বিতীয় খণ্ড গাঁওত আজি দিনৰ ১১,৩০ বজাত ধুবুৰীৰ আৰক্ষীৰ দল আৰু ৪৮ চি আৰ পি এফ দলৰ যৌথ অভিযানত ৰোৱা দ্বিতীয় খণ্ড গাঁওৰ ৩৩ বছৰীয়া   সাহাদ আলীৰ ঘৰত হঠাৎ অভিযান চলাই সহাদ আলীৰ ঘৰৰ পৰা   ২২ পিচ ব্ৰাৰাউন ছুগাৰৰ ডিব্বা উদ্ধাৰ কৰে। জানিব পৰা মতে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি  এই অভিযান চলায়। অভিযান কালত ৪৮ বেটেলিয়ানৰ চি আৰ পি এফ দল আৰু আৰক্ষীয়ে ব্ৰাৰাউন ছুগাৰৰ বিক্ৰী কৰোতা সাহাদ আলীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰক্ষীৰ অহাৰ উমান পাই ঘৰৰ পৰা পলায়ন কৰে। উল্লেখ্য যে, সৰ্বনাসী ড্ৰাগছৰ বেহাত নামি পৰিছে ধুবুৰীৰ একাংশ নৱ প্ৰজন্মই। একাংশ যুৱকে  উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে এতিয়া ড্ৰাগছৰ বেহা। সাহাদ আলীক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে বুলি ধুবুৰী সদৰ থানাৰ ভাৰ প্ৰাপ্ত বিষয়া মুকুল হাজৰিকাই জানিবলৈ দিয়ে।

Leave A Reply