Breaking

টেঙাখাতত নৃশংস হত্যাকাণ্ড : ২ জন দোষীক গ্ৰেপ্তাৰ

0 2,029

 কৰোনা আতংকৰ মাজতেই ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ  কাছগাঁৱত যোৱা নিশা প্ৰায় ৮ মান বজাত সুৰামত্ত হৈ দুজন লোকে আন এজন লোকক কুঠাৰেৰে মৰিয়াই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ কাছ গাঁৱৰ বাবাটো (অন্নন) ঘাটোৱাৰ (২৪) আৰু কমলেশ্বৰ ঘাটোৱাৰ (২২) নামৰ লোক দুজনে অজয় গোৱালা (২৩) নামৰ লোকজনক পাৰিবাৰিক কাৰণত সুৰামত্ত হৈ কুঠাৰেৰে মৰিয়াই হত্যা কৰে। লোকজনক টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে হত্যাকাৰী বাবাটো ঘাটোৱাৰ আৰু কমলেশ্বৰ ঘাটোৱাৰক আটক কৰি এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

Leave A Reply