Breaking

চিৰাঙৰ ভাৰত-ভুটান সীমান্ত ৰুণীখাতাত ডাইনী সন্দেহত নৃশংস হত্যাকাণ্ড

0 1,538

 চিৰাঙৰ ৰুণীখাতা থানাৰ অন্তৰ্গত কুমগুৰী গাঁৱত যোৱাকালি নিশা ডাইনী সন্দেহত এগৰাকী ষাঠি বছৰীয়া নিৰীহ মহিলাক ঘপিয়াই নৃশংস হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ।নিহত মহিলা গৰাকীৰ নাম বালে মাৰ্ডি (৬০) ।
স্থানীয় ৰাইজৰ সন্দেহ মতে নিজৰ পৰিয়ালৰ লোকেই ডাইনী সন্দেহত হত্যা কৰিছে ।কিন্তু স্থানীয় লোকৰ অভিযোগৰ বিপৰীতে নিহত মহিলা গৰাকীৰ স্বামী বজুন কিস্কুয়ে জানিবলৈ দিয়া মতে কালি নিশাৰ ভাগত ঘৰৰ চোতালত পত্নী বালে মাৰ্ডিৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে । 
কিন্তু কোনে হত্যা কৰিলে, কি কাৰণত হত্যা কৰিলে এই সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি মৃত মহিলা গৰাকীৰ স্বামীয়ে সদৰি কৰে ।
 উল্লেখযোগ্য যে ঘটনাৰ খবৰ পোৱাৰ পিছত ৰুণীখাতা থানাৰ আৰক্ষীয়ে  তিনিখনকৈ নৈ পাৰ কৰি অতিকৈ দুৰ্গম অঞ্চল কুমগুৰী গাঁৱত গৈ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি ৰাইজৰ সহযোগত কান্ধত তুলি কেইবা কিলোমিটাৰ পথ খোজকাঢ়ি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।মহিলা গৰাকীক ডাইনী সন্দেহত হত্যা কৰা হৈছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত  আৰক্ষীয়ে তদন্তৰ পিছত কব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।
এতিয়ালৈকে এই হত্যাকাণ্ডৰ সৈতে জড়িত কোনো লোকক আৰক্ষীয়ে আটক কৰা নাই ।  
কিন্তু চিৰাং আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনা স্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

Leave A Reply