Breaking

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত বুদ্ধ জন্মজয়ন্তী অনুষ্ঠান, ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা

0 63

আজি বুদ্ধ পুৰ্ণিমা। সমগ্ৰ বিশ্বতে বুদ্ধ জন্মজয়ন্তী উদযাপন কৰা হৈছে। আজিৰ পবিত্ৰ দিনটোতে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনতো বুদ্ধ পুৰ্ণিমা উপলক্ষে এখনি চিত্ৰাংকন প্ৰতিযোগিতা আৰু বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। প্ৰতিযোগিতাৰ আৰম্ভনিতে উত্তৰ গুৱাহাটীৰ বিশিষ্ট সাংবাদিক মুনীন ডেকা আৰু নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে বন্তি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

ইয়াৰ পিছতে সাংবাদিক দ্বয় উৎপল তামূলী আৰু মুনীন ডেকাই বুদ্ধদেৱৰ জীৱনীৰ ওপৰত চমু আভাস দাঙি ধৰি বৰ্তমান যুগত সমাজখন সুশৃংখল কৰি ৰাখিবলৈ ভগৱান বুদ্ধৰ বাণী সাৰোগত কৰি ছাত্ৰ ছাত্ৰীসকলক জীৱন আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ পিছতে উপস্থিত শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত বুদ্ধদেৱৰ প্ৰতিচ্ছবি অংকণ প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হয়। ক-শাখাত ৪ৰ্থ আৰু পঞ্চম শ্ৰেণী আৰু খ-শাখাত ৬ষ্ঠ আৰু সপ্তম শ্ৰেণীৰ প্ৰতিযোগীসকলক অন্তভূৰ্ক্ত কৰা হয়।

প্ৰতিযোগিতাখনিৰ বিচাৰক হিচাপে উপস্থিত থাকে যুগল নাথ, লক্ষণা আৰ্য বৈশ্য, উদ্ধব কাকতি, সংগীতা চমুৱা আৰু পলাশ শৰ্মা। প্ৰতিযোগিতাৰ অন্তত বিচাৰক মণ্ডলীয়ে ক-শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় যথাক্ৰমে সীমনা ভৰদ্বাজ , পৰিধি বড়া , ভানুৰাণী বড়াক আৰু খ-শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় ক্ৰমে তাপস্বী গোস্বামী , দৃষ্টিমনি হালৈ আৰু বৃষ্টি দাসক বিজয়ী হিচাপে ঘোষণা কৰে।

ইয়াৰ পিছতেই বঁটা বিজয়ী ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰে উত্তৰ গুৱাহাটী বিশিষ্ট সাংবাদিক দিগন্ত বৰদলৈ, ৰূপক ডেকা আৰু মুকুটেশ্বৰ গোস্বামীয়ে। আজিৰ এই অনুষ্ঠানত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ তৰফৰপৰা প্ৰকাশ কৰা “কলম” আলোচনীখন উপস্থিত সকলোকে বিতৰণ কৰা হয়।

উল্লেখ্য যে অহা ৭ মে’ তাৰিখ দেওবাৰে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্মজয়ন্তীৰ দিনটো উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত মাধবদেৱ ফাইন-আৰ্টচ নামৰ এখন বিদ্যালয়ৰ শুভ উন্মোচন কৰিব বুলি নিকেতনৰ কৰ্তৃপক্ষই আজি অৱগত কৰে।

নিকেতনৰ যুগল আচাৰ্য্যৰ তত্বাৱধানত আৰু আন আন আচাৰ্য্যৰ সহযোগত ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতিভা বিকাশত বহুল সুবিধা লাভ কৰিব এই ফাইন আৰ্টছ বিদ্যালয়ৰ জৰিয়তে। উত্তৰ গুৱাহাটীৰ আন আন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও এই ফাইন আৰ্টছ বিদ্যালয়ত নাম ভৰ্তিৰ সুবিধা লাভ কৰিব।

Leave A Reply