Breaking

ক’ভিড ১৯ ৰ প্ৰতিষেধক বিছাৰি ৰাইজৰ ব্যপক ভীৰ মাৰ্ঘেৰিটাত,ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ বৃদ্ধিৰ আহ্বান

0 2,037

ৰাজ্য চৰকাৰে মুকলি কৰাৰ ১৮ৰ পৰা ৪৪ বয়সৰ ব্যক্তিৰ  ক’ভিড ১৯ৰ প্ৰতিষেধক তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাটোতো ৭ মে’ৰ পৰা কেইবাটাও ঠাইতো জনসাধাৰণক দিয়াৰ  ব্যৱস্থা গ্ৰহণ কৰা হৈছে| অন লাইন যোগেদি নিজৰ নাম পঞ্জীয়ন কৰাৰ ব্যক্তিসকলে গৈ নিজৰ নিজৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ গৈ প্ৰতিষেধক গ্ৰহণ কৰিব লাগে যদিও পঞ্জীয়ণ নকৰা লোকসকলেও প্ৰতিষেধক কেন্দ্ৰ সমূহত ভীৰ কৰা পৰিলক্ষিত হৈছে| অৱশ্যে পঞ্জীয়ন কৰা লোকৰ সংখ্যাও যথেষ্ট হৈছে| ৰাইজৰ ব্যাপক ভীৰ পৰিপেক্ষিতত মহকুমাটোত আৰু অধিক প্ৰতিষেধক প্ৰদান কেন্দ্ৰ মুকলি কৰা প্ৰয়োজন আছে| ইয়াৰ ওপৰিও যিসকস সাধৰণলোকে এন লাইন যোগে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হোৱা নাই তেনেলোকসকলোকো প্ৰতিষেধক কেন্দ্ৰলৈ গৈ নিজৰ নাম পঞ্জীয়ণ কৰি ক’ভিড-১৯ প্ৰতিষেধক লোৱা ব্যাৱস্থা কৰি গ্ৰহণ কৰিব বাৱে সচেতন লোকসকলে স্বাস্থ্য বিভাগলৈ আহ্বান জনাইছে|

Leave A Reply