Breaking

গোগামুখ মহাবিদ্যালয়ত কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা সম্পন্ন; তক্ষশীলা শিক্ষা প্ৰতিষ্ঠানে দিব ইউ পি এছ চিৰ পাঠদান

0 62

ধেমাজি জিলাৰ গোগামুখৰ  আগশাৰীৰ শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত আৰু ভাৰতৰ প্ৰখ্যাত চিভিল ছাৰ্ভিচৰ শিক্ষা প্ৰতিষ্ঠান  তক্ষশীলা এ স্কুল অব  চিভিল ছাৰ্ভিচৰ সহযোগত গোগামুুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে কেৰিয়াৰ কাউঞ্চেলিঙৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়।

বিশেষভাৱে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষা  ইউ পি এছ চিৰ ওপৰত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয় ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক ইউ পি এছ চি পৰীক্ষাৰ লগতে অন্য প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ  মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই এই পদক্ষেপ গ্ৰহণ কৰে ৷

কেৰিয়াৰ কাউঞ্চেলিঙৰ সন্দৰ্ভত ড° ঝাই কয়, ’ইউ পি এছ চি ক’চিং মানেই সাধাৰণতে দিল্লীত ক’চিঙৰ কথাই চিন্তা কৰা হয় ৷ দিল্লীৰ ক’চিং কেন্দ্ৰবোৰত পৰ্যাপ্ত সুবিধা থাকে ৷ এই কাৰণে সৰ্বভাৰতীয় সংযুক্ত পৰীক্ষাৰ প্ৰস্তুতিৰ  বাবে দেশৰ ভিন্ন প্ৰান্তৰ ইউ পি এছ চি পৰীক্ষাৰ্থীয়ে দিল্লীত ক’চিং কৰিবলৈ ঢাপলি মেলে ৷ ইয়াৰ বিপৰীতে আমি গোগামুখ মহাবিদ্যালয়ৰ ফালৰ পৰা ইউ পি এছ চি পৰীক্ষাৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বাবে গোগামুখতে ক’চিঙৰ ব্যৱস্থা কৰিছোঁ ৷ ইয়াত কেৱল গোগামুখ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ক’চিং ল’ব পাৰিব এনে কথা নহয় ৷ যিসকলে ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচাৰে সকলোৱে গোগামুখ মহাবিদ্যালয়ত ক’চিং ল’ব পাৰিব’ ৷

তেওঁ কয়, আজি আমি তক্ষশীলা ইউ পি এছ চি শিক্ষা প্ৰতিষ্ঠানৰ পৰা বিশেষজ্ঞ শিক্ষক আনি কৰ্মশালা পাতিছোঁ ৷ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা তক্ষশীলা এ স্কু অব চিভিল ছাৰ্ভিচে অনলাইনৰ যোগেদি এসপ্তাহত ৫ দিনকৈ পাঠদান দিব ৷ ইচ্ছ্যুক প্ৰাৰ্থীসকলৰ বাবে গোগামুখ মহাবিদ্যালয়ৰ ৱেবছাইটৰ  অনলাইন এডমিশ্যনৰ ব্যৱস্থা কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷  কৰ্মশালাত উপস্থিত থাকি ইউ পি এছ চি আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ ওপৰত বক্তব্য আগবঢ়াই তক্ষশীলা স্কুলৰ ব্যৱসায়িক সমন্বয়ক শশাংক সিং,  শৈক্ষিক মুৰব্বী এইচ এছ সিদ্ধু, তক্ষশীলা শৈক্ষিক প্ৰতিষ্ঠান প্ৰতিস্থাপক সঞ্চালক বিজু পেগুৱে ৷ কৰ্মশালাখনৰ আদৰণি ভাষণ দিয়ে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ  ঝাই ৷

কৰ্মশালাখনৰ আঁত ধৰে গোগামুখ মহাবিদ্যালয়ৰ  ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক দিগন্ত কাকতিয়ে ৷ উল্লেখনীয় যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা তক্ষশীলা শিক্ষা প্ৰতিষ্ঠানখনে গোগামুখ মহাবিদ্যালয়ত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অনলাইনযোগে পাঠদান আৰম্ভ কৰিব ৷

Leave A Reply