Breaking

লিডু-মাৰ্ঘেৰিটাৰ পৰা অব্যাহত অবৈধ কয়লাৰ ব্যৱসায়ৰ চি বি আই তদন্ত দাবী : গুৱাহাটীত আৰক্ষীয়ে জব্দ কৰা ১৭ লাখ টকাৰ সন্দৰ্ভত বিধায়কৰ বিৰুদ্ধে সৰৱ শদিয়া যুৱ কংগ্ৰেছ

0 44

ডিৰাক সীমান্ত আৰু কাকপথাৰ

সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা কভিড-১৯ত আক্ৰান্তৰ সংখ্যা  বৃদ্ধি পোৱাত এই কালৰূপী ভাইৰাছবিধৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ চৰকাৰে তলাবন্ধৰ জৰিয়তে অধিকাংশ কামকাজ বন্ধ কৰাৰ আহ্বান জনাইছে। কিন্তু এনে সময়ছোৱাতো চৰকাৰৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি শাসনাধিস্থ চৰকাৰৰ একাংশ নেতা পালিনেতাই অসাধু ব্যৱসায়ীৰ সৈতে মিতিৰালি কৰি চলাই আহিছে কয়লা ছিণ্ডিকেটৰ অবাধ বেহা। শিৱসাগৰৰ নাগিনীমৰাৰ লগতে তিনিচুকীয়া জিলাৰ লিডু- মাৰ্ঘেৰিটা-জাগুনৰ পৰা নিশাৰ ভাগত আৰক্ষী তথা জিলা প্ৰশাসনৰ জ্ঞাতসাৰে চলিব ধৰিছে এই বেহা। সোমবাৰে কাকপথাৰ পৰিদৰ্শন ভৱনত আয়োজিত শদিয়াৰ যুৱ-কংগ্ৰেছৰ এখন সংবাদমেলত এই কথা উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিৰিঞ্চি নেওগ উপস্থিত থকা সংবাদমেলত নেতাগৰাকীয়ে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এনে অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ দাবী জনায়। আনকি তিনিচুকীয়া জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককো হস্তক্ষেপৰ দাবী জনায়। আনহাতে সংবাদমেলত কিছুদিন পূৰ্বে বিধায়ক বলিন চেতিয়াৰ বিধায়ক আবাসৰ পৰা নিজ ফ্লেটলৈ জুৱা খেলৰ বাবে ১৭ লাখকৈ টকা লৈ যোৱা অৱস্থাত আৰক্ষীয়ে দুজনকৈ লোকক আটক কৰা ঘটনাক আদৰণি জনাই এই ক্ষেত্ৰত  বিধায়ক বলিন চেতিয়া আৰু বিধায়ক ভাস্কৰ শৰ্মাকো আইনী প্ৰক্ৰিয়াৰ মাজলৈ আনিবলৈ আহ্বান জনায়। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক খোদ ৰাজধানীৰ মাজ মজিয়াত লকডাউন আৰু কাৰ্ফিউ চলি থকাৰ সময়তো বিলাসিতাৰ বাবে ধন সৰবৰাহ হোৱা বিষয়টো দৃষ্টিগোচৰ কৰি তদন্ত কৰাৰো দাবী জনায়। ইফালে বিধায়ক বলিন চেতিয়াক সম্প্ৰতি ক্ষুদ্ৰ চাহ খেতিয়কসকললৈ নামি অহা সংকটৰ বিষয়টো অনুধাবন কৰি এই বিষয়বোৰত মনোনিৱেশ কৰিবলৈ শদিয়া যুৱ কংগ্ৰেছে আহ্বান জনায়৷

Leave A Reply