Breaking

আজিৰে পৰা তীৰ্থনগৰী হাজোত লৌহমানৱ বিষ্ণুৰাম মেধিৰ জন্মজয়ন্তী উদযাপন

0 180

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু প্ৰথম গৰাকী অসমীয়া ৰাজ্যপাল, হাজোৰ গৌৰৱ,হাজোৰ সু -সন্তান লৌহমানৱ বিষ্ণুৰাম মেধিৰ ১৩৫ সংখ্যক জন্মজয়ন্তী তীৰ্থনগৰী হাজোত আজিৰে পৰা দুদিনীয়াকৈ উলহ- মালহৰে উদযাপন কৰা হৈছে । লৌহমানৱ বিষ্ণুৰাম মেধি স্মৃতি সুৰক্ষা সমিতি হাজো শাখাৰ উদ্যোগত বিষ্ণুৰাম মেধি শিশু কল্যান ভৱনত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মেধিদেৱৰ জন্মজয়ন্তী।

কাৰ্যসূচী অনুসৰি আজি পুৱা ভাগত শিশু সমাৰোহ উদ্বোধন কৰে শিশু সাহিত্য একাডেমী বঁটা প্ৰাপ্ত ড° মৃনাল কলিতাই। আবেলি ভাগত কুইজ প্ৰতিযোগিতা, সন্ধিয়া বন্তি প্ৰজ্বালন, আৰু কাইলৈ পুৱা ভাগত চিত্ৰাংকন প্ৰতিযোগিতা ,মেধিৰ প্ৰতিকৃতিত মাল্যাৰ্পন ,স্মৃতিচাৰণ আৰু ৰাজহুৱা সভা অনুষ্ঠিত হ’ব বুলি জনায় উদ্যোক্তা কমিটিয়ে ।

তদুপৰি আজিৰ উক্ত শিশু সমাৰোহ অনুষ্ঠানত উদ্যোক্তা সমিতিৰ সভাপতি মোহন চন্দ্ৰ মালাকাৰ,সম্পাদক অজিত কুমাৰ মেধি,হাজো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ৰাজীৱ বৰুৱা,বিশিষ্ট সমাজকৰ্মী মহিম কুমাৰ দাস,ডা° সোনচন্দ্ৰ মালাকৰ,প্ৰধান শিক্ষক ৰবিন চন্দ্ৰ দাসকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি।

Leave A Reply