Breaking

জামুগুৰিহাটত চেনিটাৰাইজ ৷

0 98

দৈনন্দিন বাৰ্তা সেৱা

জামুগুৰিহাট :কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে জামুগুৰিহাটক বীজানুমুক্ত কৰি তুলি ৰাইজক কিছু সকাহ দিবলৈ চেনিটাৰাইজ কৰে ৰক্তদাতা(এইচবিএছ) নামৰ স্বেচ্ছাসেৱী সংগঠণটোৱে৷স্বেচ্ছাসেৱী সংগঠণটোৰ কেবাগৰাকীও বিষয়ববীয়াই নিজে পিঠিত চেনিটাৰাইজ কৰা মেছিন কঢ়িয়াই জামুগুৰিহাটৰ সমগ্ৰ ব্যৱসায়িক কেন্দ্ৰস্থলটি চেনিটাৰাইজৰ কৰে৷জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলৰ প্ৰতিখন সৰু-বৰ দোকানৰ সন্মুখভাগৰ লগতে দুৱাৰ-খিড়িকী,ভাৰতীয় ষ্টেট বেংক,অসম গ্ৰামীণ বিকাশ বেংক,ইউকো বেংক আৰু ইউবিআই বেংকসমুহৰৰ শাখা কাৰ্যালয়সমুহৰ ভিতৰ-বাহিৰ,প্ৰতিটো এটিএম,নদুৱাৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্য্যালয়,জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰ,ব্যৱসায়িক প্ৰতিস্থানৰ প্ৰতিখন ফাৰ্মাচী,প্ৰতিটো মটৰ গেৰেজকে ধৰি পুংখানুপুংখকৈ সুন্দৰভাৱে চেনিটাৰাইজ কৰে স্বেচ্ছাসেৱী সংগঠণটোৰ বিষয়ববীয়া আৰু সদস্যসকলে৷ইয়াৰ পূৰ্ৱেও স্বেচ্ছাসেৱী সংগঠণটোৰ বিষয়ববীয়াসকলে জামুগুৰিহাটৰ লগতে শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত জনসাধাৰণ তথা জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলক  মাস্ক-চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি কৰাৰ বাবেই,চৰকাৰী নীতি নিয়মসমুহ সকলোৱে মানি চলাৰ আহবান জনাই ব্যৱসায়িক কেন্দ্ৰস্থলত ছবি সম্বলিত পোষ্টাৰিংৰ ব্যৱস্থাও কৰিছিল৷স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেইগৰাকীমান অনুগামীৰ দ্বাৰা গঠিত সমগ্ৰ ৰাজ্যজুৰি সামাজিক কামকাজৰ লগত জড়িত স্বেচ্ছাসেৱী সংগঠণ ৰক্তদাতা(এইবিএছ)য়ে দেশৰ এনে জটিল পৰিস্থিতিত ৰাইজক সজাগ-সচেতন আৰু কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অহৰহ লৈ থকা এনেবোৰ পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে৷স্বেচ্ছাসেৱী সংগঠণটোৱে লোৱা প্ৰতিটো কাৰ্য্যসুচীতে ৰক্তদাতা(এইচবিএছ)ৰ সাধাৰণ সম্পাদক পৱন কুমাৰ নাথ উপস্থিত থাকি নিজেও হাতে কামে সকলো কাম কৰা পৰিলক্ষিত হৈছে ৷

Leave A Reply