Breaking

চন্দ্ৰযান-৩ ৰ অভিযানত জড়িত আছিল জামুগুৰিহাটৰ বৈজ্ঞানিক উদ্দীপনা কলিতা…

0 203

ভাৰতৰ দ্বাৰা প্ৰেৰিত চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত সফল ভাৱে অৱতৰণ কৰি ইতিহাস ৰচিবলৈ সক্ষম হ’ল।ভাৰতীয় মহাকাশ বিজ্ঞানীৰ এই সাফল্যত গৌৰাম্বিত দেশবাসী।ইছৰোৰ এই চন্দ্ৰ অভিযানত জড়িত আছিল জামুগুৰিহাটৰ এগৰাকী জীয়ৰীও।

জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিবাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰীক সুৰেন কলিতাৰ জীয়ৰি তথা ইছৰোৰ বিজ্ঞানী উদ্দীপনা কলিতাও চন্দ্ৰ যান-৩ অভিযানৰ অন্যতম অংশীদাৰ আছিল।

চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাছত জামুগুৰিহাটৰ ইছৰোৰ বৈজ্ঞানিক উদ্দীপনা কলিতাৰ ঘৰতো বিৰাজ কৰিছে উৎসৱমুখৰ পৰিবেশ।সৰুতেই কল্পনা চাওলা হোৱাৰ হাবিয়াস পুহি বৰ্তমান ইছৰোৰ বিজ্ঞানী হিচাপে কৰ্মৰত উদ্দীপনা কলিতা চন্দ্ৰযান ৩ যানখন তৈয়াৰ কৰা দলটোৰ অংশীদাৰ আছিল৷ এই ঐতিহাসীক মূহুৰ্তৰ অংশীদাৰীত্ব জীয়ৰী উদ্দীপনা কলিতাও হোৱাত আনন্দিত পিতৃৰ লগতে জামুগুৰিহাটবাসী ৰাইজ

Leave A Reply