Breaking

মিচাউঙৰ ফলত তৃতীয় দিনাও চেন্নাইত বানপানী! বিদ্যুৎ বিহীন বহুতো এলেকা, সাহায্য অভিযান অব্যাহত

0 73

মিচাউং ঘূৰ্ণীবতাহৰ ফলত সমগ্ৰ চেন্নাই চহৰ ধ্বংসস্তূপ হৈ পৰিছে। তামিলনাডু আৰু পুডুচেৰীৰ বিশাল অঞ্চল ধাৰাবাহিক বৰষুণৰ ফলত প্লাৱিত হৈ পৰিছে। অৱশ্যে তামিলনাডুৰ ৰাজধানী চেন্নাইত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বৰষুণ বন্ধ হ’লেও চৌদিশে জমা হৈ আছে পানী। বহু অঞ্চল বিদ্যুৎ বিহীন হৈ পৰিছে।

বংগোপসাগৰত গঠন হোৱা ঘূৰ্ণীবতাহ মিছাউঙে মঙলবাৰে অন্ধ্ৰ উপকূলত আঘাত হানে। ইয়াৰ পিছত তিনি ঘণ্টা ধৰি তাণ্ডৱ চলি থাকিল। কিন্তু ঘূৰ্ণীবতাহ মিচাউঙৰ বাবে তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ জীৱন স্তব্ধ হৈ পৰিছে।

ধুমুহা আৰু বৰষুণৰ ফলত বহু ঠাইত বহু গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পৰিল। সেইবাবেই বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি গৈছে। কেইবাঠাইতো পানীৰ তলত ডুব গৈছে বিদ্যুতৰ তাঁৰ। বিপদৰ পৰা হাত সাৰিবলৈ বহু অঞ্চল কৰ্তন কৰা হৈছে বিদ্যুৎ। অৱশ্যে পৰিস্থিতি অলপ নিয়ন্ত্ৰণলৈ আহিলে শীঘ্ৰে বিদ্যুৎ পুনৰুদ্ধাৰৰ কাম আৰম্ভ হ’ব বুলি জনা গৈছে। ঘূৰ্ণীবতাহ আৰু ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ভেলাচেৰী আৰু তাম্বাৰমৰ বিভিন্ন অঞ্চল প্লাৱিত হয়।

এই দুৰ্যোগৰ সময়ত চেন্নাইৰ লগতে দাঁতিকাষৰীয়া জিলাসমূহত চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। প্ৰশাসনে ব্যক্তিগত কোম্পানীসমূহক কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ পৰামৰ্শ দিবলৈ কয়। চেন্নাইৰ বেছিভাগ ঠাইতে নিম্নভূমি অঞ্চলত পানীয়ে প্লাৱিত কৰিছে। বহু ঘৰতো পানী সোমাইছে। প্লাৱনৰ ফলত বহু পৰিয়ালে ঘৰ এৰি যাবলৈ বাধ্য হৈছে। আনকি পাৰ্কিং লটত ৰখাই থোৱা গাড়ীবোৰো উটুৱাই লৈ গ’ল। চেন্নাইৰ কোলাথুৰ অঞ্চলৰ মাছ বেপাৰী ৰাজাৰমে কয় যে, “ধাৰাবাহিক বৰষুণৰ ফলত ৩০ খনতকৈও অধিক দোকান পানীত বুৰ গৈছে। দুদিন হ’ল এতিয়াও অঞ্চলটোত বিজুলী নাই। মোৰ চীনৰ পৰা আমদানি কৰা বহু মাছ এই দুৰ্যোগত মৃত্যুমুখত পৰিছে। বহুত টকা হেৰাই গ’ল।” পাৰ্বতী নামৰ এগৰাকী মহিলা চৰকাৰী সাহায্য শিবিৰত কয়, ‘আমাৰ অঞ্চলটো বানপানীত বুৰ গৈছে। আমি চৰকাৰী সাহায্য শিবিৰত খাদ্য, খোৱাপানী আৰু অন্যান্য প্ৰাথমিক সামগ্ৰী লাভ কৰি আছো।”

সাহায্য শিবিৰৰ কৰ্মী সেনবাঘমে কয়, মোৰ ঘৰ ৰাধাকৃষ্ণ শালাইত। অবিৰত বৰষুণৰ বাবে মোৰ অঞ্চলটোও বানপানীত বুৰ গৈছে। কাৰো ক্ষতি হোৱা নাই যদিও পানীৰে ভৰা পৰিস্থিতিৰ বাবে অঞ্চলটোৰ সকলোকে সাহায্য শিবিৰলৈ অনা হয়। ইয়াত তেওঁলোকক খাদ্য, খোৱাপানী আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী দিয়া হৈছে।” কিলপাউক আৰু কট্টুপাক্কাম অঞ্চলৰ বহু ঠাইত এতিয়াও বিদ্যুৎ বিহীন হৈ আছে।

দুৰ্যোগত অধিক ক্ষতিৰ পৰা হাত সাৰিবলৈ তামিলনাডুৰ ডি এম কে চৰকাৰে ইতিমধ্যে ৫ হাজাৰ সাহায্য কেন্দ্ৰ স্থাপন কৰিছে। উদ্ধাৰ কামৰ তদাৰক কৰিছে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। তামিলনাডু চৰকাৰে জনাইছে যে সাহায্য অভিযান পূৰ্ণগতিত চলি আছে। মাজনিশাও বানপানীৰ অঞ্চলত থকা লোকক উদ্ধাৰৰ বাবে নাও উৎক্ষেপণ কৰা হয়। এই দুৰ্যোগৰ সময়ত তামিলনাডু আৰক্ষীয়েও হেল্পলাইন নম্বৰ ঘোষণা কৰিছে।

তামিলনাডুৰ মুখ্য সচিব শিৱদাস মীনাই কয় যে মহানগৰীৰ বহু অঞ্চলৰ পানী আঁতৰাই স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। কেইবাটাও পথ মুকলি কৰি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। বহু পৰিয়ালক শুকান খাদ্য, ৰুটি আৰু গাখীৰৰ পেকেটো দিয়া হৈছে। কিন্তু এতিয়াও বহু কাম বাকী আছে।

Leave A Reply