Breaking

ছোৱাইন ফিভাৰ : বোকাখাতত ১৪৪ ধাৰা, দ্ৰোনৰ জড়িয়তে পৰ্যৱেক্ষণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ

0 105

বোকাখাত

ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ লগতে বোকাখাত মহকুমাতো দেখা দিছেহি গাহৰিৰ মহামাৰীয়ে। এই মহামাৰীৰ লক্ষণৰ পৰা আফ্ৰিকান গাহৰিৰ জ্বৰ বুলি ঠাৱৰ কৰাৰ অৱকাশ আছে। এই ভয়াবহ সংক্ৰমক মহামাৰী এতিয়া সমগ্ৰ মহকুমাটোৰ পশুধনৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱকুললৈকো বিয়পি পৰি জীৱকুলৰ বিপুল ক্ষতি হোৱাৰ শংকা হৈ দেখা দিছে।  ইতিমধ্যে কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত ব্ৰহ্মপুত্ৰত উটি অহা ২৮ গাহৰীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত কাজিৰঙাৰ পাশ্বৱৰ্তী গাঁৱত সজাগতাও আৰম্ভ কৰিছে বন বিভাগে৷ কাজিৰঙাৰ দাঁতি কাষৰ গাঁৱৰ গাহৰী পালকসকল সচেতন হৈ পৰিছে৷ পশুচিকিৎসা বিভাগৰ লগতে প্ৰশাসনেও চোৱাই ফিভাৰ ৰোধৰ বাবে তৎপৰ লৈ পৰিছে৷ যদিহে গাহৰীৰ ছোৱাইন ফিভাৰ কাজিৰঙাৰ বন্য গাহৰীৰ দেহলৈ সংক্ৰমিত হয় তেতিয়া সমগ্ৰ বন্যকুললৈ বিপদ অহাটো নিশ্চিত৷ পোহনীয়া গাহৰীৰ পৰা বনৰীয়া গাহৰীলৈ ৰোগ সংক্ৰমণ নহ’বৰ বাবে প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি মুকলিত গাহৰী নেমেলিবলৈ গাহৰী পালকক আহ্বান জনাইছে৷ গাহৰী পালকসকলে প্ৰশাসনৰ নিৰ্দেশ মানিছে নে নাই তাক পৰীক্ষা কৰিবৰ বাবে উদ্যান কতৃপক্ষই দ্ৰোণৰ দ্বাৰা পাশ্বৱৰ্তী গাঁৱত গাহৰীৰ চলাচল পৰীক্ষা কৰিছে৷ আফ্ৰিকান ছোৱাইন ফিভাৰৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাত মহকুমা প্ৰশাসনে এতিয়া মহকুমাটোত ১৪৪ ধাৰা জাৰি কৰিছে আৰু বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে স্বাক্ষৰ কৰা এক জাননী যোগে তাৎক্ষনিকভাৱে প্ৰযোজ্য হোৱাকৈ পশুধনৰ লগত জড়িত কেতবোৰ জৰুৰী নিৰ্দেশনা বলৱৎ কৰা হৈছে। এই মৰ্মে মহকুমাধিপতি স্বাক্ষৰিত বি এম জে -৬/২০১৮/২৮৭ নং জাননী অনুসৰি বোকাখাতৰ পথ, পথাৰ, আন মুকলি আৰু ৰাজহুৱা কিম্বা ব্যক্তিগত স্থানত গাহৰিৰ বিচৰণ বন্ধ কৰাৰ লগতে গাহৰিৰ সংস্পৰ্শলৈ কোনো মানুহ নাহিবলৈ, গাহৰি মাংসৰ কটা, বিক্ৰী আৰু ক্ৰয় নকৰিবলৈ, গাহৰিৰ মৃতদেহ পথাৰ অথবা নদী, বিলৰ পাৰত নেপেলাবলৈ আৰু গাহৰিৰ গাত আফ্ৰিকান জ্বৰৰ লক্ষণ দেখিলে লুকুৱাই নথৈ তৎক্ষনাৎ মহকুমাধিপতি অথবা পশু চিকিৎসা বিভাগৰ বিষয়াক খবৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৎক্ষনিকভাৱে প্ৰযোজ্য হোৱাকৈ দিয়া এই জৰুৰী নিৰ্দেশ পৰবৰ্তী নিৰ্দেশ নিৰ্দ্ধাৰণ হোৱা পৰ্যন্ত বলৱৎ থাকিব আৰু এই নিয়ম উলংঘা কৰা লোক ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত আইনমতে জগৰীয়া হ’ব বুলিও নিৰ্দেশনা খনত উল্লেখ আছে।

Leave A Reply