Breaking

‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌…

0 64

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত ‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত আজি উপস্থিত থাকে ড° হিমন্ত বিশ্ব শৰ্মা‌ । অসমৰ ইতিহাসৰ লগত সংপৃক্ত হৈ আছে বিভিন্ন নৃ-গোষ্ঠীয় লোকৰ ভাষা, সংস্কৃতি আৰু লোকজীৱনৰ ধাৰা

এই বিৰাট ভূ-ভাগত মানৱ বসতি আৰম্ভ হোৱাৰ সমসাময়িক স্তৰৰ পৰাই মৰাণসকলৰ সমাজ-সভ্যতাৰ জীৱনযাত্ৰা, অংকুৰণ আৰু উত্তৰণমুখী গতিধাৰা সকলো যুগ বিৱৰ্তনৰ সহচৰ হৈ আহিছে৷ মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণয়নৰ লগত জড়িত থকা সম্পাদনা সমিতি, লেখকসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌ই ।

অনুষ্ঠানত উপস্থিত থাকে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়কত্ৰয় বলিন চেতিয়া, দুৰ্লভ গোহাঁই, সুৰেন ফুকন, অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, গ্ৰন্থখনৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চ্যু-কা-ফা আসনৰ প্ৰাধ্যাপক ড° নিৰোদ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী ড° চন্দন কুমাৰ শৰ্মা, অসম মৰাণ সভাৰ উপদেষ্টা দুলাল মৰাণ, থূলেশ্বৰ চেতিয়া, হেমন্ত মৰাণ, সুখীধৰ দহোটীয়া, দীপা শইকীয়া বড়া, অৰুণজ্যোতি মৰাণ,তৰুণ বৰুৱা, লংকেশ্বৰ মৰাণ, বিৰিঞ্চি নেওগ, শ্ৰীধৰ্মেন্দ্ৰ নেওগ, মীনাক্ষী দাস নাথ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল৷

Leave A Reply