৬১সংখ্যক শিক্ষক দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকি আপ্লুত হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। বিশেষ দিনটোত জ্ঞানৰ পোহৰ বিলাই শিক্ষার্থীৰ জীৱন গঢ়াত অনন্য ভূমিকা পালন কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ মুখ্যমন্ত্ৰী গৰাকীয়ে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলে।

দিৱসটিৰ প্রাসংগিকতাৰে শিক্ষকতাৰ দৰে মহৎ বৃত্তিত সমৰ্পিত মনোভাবেৰে উল্লেখনীয় সেৱা আগবঢ়াই অহা সন্মানীয় শিক্ষকসকলক আজি অনুষ্ঠানতে ৰাজ্যিক বঁটা প্ৰদান কৰা হয়।
এই মুহূর্তত বঁটাপ্রাপক প্রতিগৰাকী সন্মানীয় শিক্ষাগুৰুলৈ আন্তৰিক অভিনন্দন জনাই মুখ্যমন্ত্ৰী ড° মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই ।

বিশেষ অনুষ্ঠানটিত মন্ত্ৰী ডা: ৰণোজ পেগু, শ্ৰীপৰিমল শুক্লবৈদ্য, শিক্ষা বিভাগৰ মাননীয় উপদেষ্টা ড° ননীগোপাল মহন্ত আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।