Breaking

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰিলে নীতি নিৰ্দেশনা ! নিজৰ খৰছ নিজেই বহন কৰিব মুখ্যমন্ত্ৰীয়ে…

0 63

অযথা ব্যয় সংকোচনৰ বাবে মুখ্যমন্ত্ৰীৰ খৰছ নিজেই বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৩ অক্টোবৰত স্বাক্ষৰিত এক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ইতিমধ্যে জিলা আয়ুক্ত সকললৈ প্ৰেৰণ কৰিছে। এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ সৈতে ভ্ৰমন কৰা বিষয়া কৰ্মচাৰী সকলে নিজৰ ব্যয় নিজেই বহন কৰিব লাগিব। বিষয়া সকলে থকা খোৱাৰ বাবে ব্যয় কৰা প্ৰামাণিক বিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত জমা দিব লাগিব। চৰকাৰে টি এ আৰু ডি এ প্ৰদান কৰিব।

এনে কাৰ্যসূচীত সংলিষ্ট প্ৰশাসনৰ ভূমিকা সীমিত কৰা হৈছে। একেদৰে চৰকাৰী কাৰ্যসূচীৰ অংশ হিচাপে স্থানীয় প্ৰশাসনে আয়োজন কৰা দুপৰীয়া আৰু নিশাৰ আহাৰৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহব। মুখ্যমন্ত্ৰীৰ চৰকাৰী দৰ্শনাৰ্থীৰ অপ্যায়নৰ বাবে হোৱা ব্যয় জিলা আয়ুক্তই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰমানিত বিল জমা দিয়াৰ পিছত অগ্ৰাধিকাৰ ভিত্তিত ধনৰাশি মোকোলাই দিয়া হব।

গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কেবিনেট বৈঠক তথা পৰ্যালোচনা বৈঠকৰ ক্ষেত্ৰত ব্যয় সীমিত কৰিব লাগিব। কেবিনেট বৈঠকৰ ক্ষেত্ৰত চৰকাৰে ৫ লাখ টকা এককালীন পুঁজি মোকোলাই দিব। নিৰাপত্তাৰক্ষীৰ কনভয়ৰ ইন্ধন আৰক্ষী কৰ্তৃপক্ষই বহন কৰিব লাগিব। এই নিয়ম মন্ত্ৰী সকলৰ ক্ষেত্ৰটো প্ৰযোজ্য হব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা নীতি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ব্যয় সংকোচনৰ বাবে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।

Leave A Reply