Breaking

সন্তানহীন দম্পত্তি বৃদ্ধাশ্ৰমলৈ আহক, প্ৰনাম আঁচনি গ্ৰহণ কৰাটোৱেই দুৰ্ভাগ্যজনক – পীয়ূষ হাজৰিকা

0 53

যি সন্তানে নিজৰ পিতৃ-মাতৃক শ্ৰদ্ধা সন্মান নকৰে তেওঁলোকৰ ভৱিষ্যত এদিন হলেওঁ অন্ধকাৰ হ’বই। এই তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। বুধবাৰে সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰি হাজৰিকাই কয় যে সামাজিক ন্যায় মন্ত্ৰী হিচাপে বৃদ্ধাশ্ৰম পৰিদৰ্শন কৰি দুখ লগা বহু ঘটনাৰ মুখামুখি হৈছে তেওঁ। প্ৰতিষ্ঠিত সন্তান থকাৰ পিছতো বৃদ্ধ অবস্থাত পিতৃ-মাতৃয়ে বৃদ্ধাশ্ৰমত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া অতি দুখজনক বুলি উল্লেখ কৰি যাৰ সতি সন্ততি নাই তেওঁলোক বৃদ্ধাশ্ৰমলৈ আহক বুলিও মত প্ৰকাশ কৰে।

আনহাতে যি সকল চৰকাৰী চাকৰিয়াল পুত্ৰ কন্যাই নিজৰ পিতৃ-মাতৃক বৃদ্ধ অবস্থাত অবহেলা কৰে তেনে চাকৰিয়ালৰ বেতনৰ ২০ শতাংশ পোনে পোনে মাক দেউতাকক দিয়াৰ ব্যৱস্হা আছে বুলি উল্লেখ কৰি এই আঁচনি খনৰ নাম প্ৰনাম বুলিও সদৰি কৰে। মন্ত্ৰী হাজৰিকাই এই আঁচনিখন চৰকাৰে গ্ৰহণ কিয় কৰিব লাগে বুলি মত প্ৰকাশ কৰি এইয়া দুৰ্ভাগ্যজনক বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে আজি কালি একাংশ পুত্ৰই বৃদ্ধ অবস্থাত পিতৃ-মাতৃক অবহেলা কৰা দেখা যায়। আনকি মৃত্যুৰ সময়তে মৃতদেহৰ কাষত বিভিন্ন অজুহাত দেখুৱাই অনুপস্থিত থাকে। কিছুদিন পূৰ্বে যোৰহাট নগৰত এগৰাকী মহিলাই পুত্ৰ কন্যাৰ অৱহেলাত অতি কৰুণ ভাবে মৃত্যুক আঁকোৱালি ঘটনাৰ মাৰ নৌযাওঁতেই বিশিষ্টা শিক্ষাবিদ ডঃ মালিনী গোস্বামী সুৰাপায়ী পুত্ৰৰ অত্যাচাৰৰ বাবে পলাই ফুৰিব লগীয়া ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

Leave A Reply