Breaking

ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ প্ৰথম বৰ্ষপূৰ্তিত চীনৰ প্ৰৱেশ! ছি জিনপিঙৰ নতুন পৰিকল্পনা…

0 101

আজি এবছৰ সম্পূৰ্ণ হ’ল ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। যুদ্ধৰ কোনো সিদ্ধান্তত উপনীত হোৱা নাই। এতিয়া অনুমান কৰা হৈছে যে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে যুদ্ধৰ অন্ত পেলোৱাৰ পৰিকল্পনা কৰিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ আজি এবছৰ সম্পূৰ্ণ হৈছে। এই এবছৰত ইউক্ৰেইন ইমানেই ক্ষতিগ্ৰস্ত হৈছিল যে বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ইউক্ৰেইনক পুনৰ সংস্থাপন কৰিবলৈ ৫০ লাখ কোটি টকাৰ প্ৰয়োজন হ’ব। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ কেতিয়া বন্ধ হ’ব কোনেও নাজানে। কিন্তু ইয়াৰ মাজতে এই যুদ্ধ বন্ধ কৰিবলৈ যেন এক নতুন পৰিকল্পনা কৰিছে

ৰাছিয়া ইউক্ৰেইন যুদ্ধ বন্ধ কৰিব চীনে!

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মস্কোত সাক্ষাৎ কৰিছে চীনৰ কমিউনিষ্ট পাৰ্টিৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ আটাইতকৈ জ্যেষ্ঠ বিষয়া ৱাং য়ীয়ে। ৱাং য়িৰ এই ভ্ৰমণকো গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে কাৰণ ইয়াক ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ মাজত চীনৰ শান্তি পৰিকল্পনা হিচাপে গণ্য কৰা হৈছে। দৰাচলতে বিশ্ব পৰ্যায়ত চলি থকা উত্তেজনাপূৰ্ণ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পুটিনে কৈছে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়া আৰু চীনৰ মাজত সহযোগিতা অতি গুৰুত্বপূৰ্ণ যাতে বিশ্বৰ পৰিস্থিতি সুস্থিৰ হ’ব পাৰে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধক এতিয়াও গৰিহণা দিয়া নাই চীন। কিন্তু এতিয়া কোৱা হৈছে যে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং অতি সোনকালে মস্কো ভ্ৰমণ কৰিব পাৰে।

চীনে ৰাছিয়াৰ মনৰ কথা ক’লে

মিউনিখৰ নিৰাপত্তা সন্মিলনত চীনৰ নেতা ৱাং য়িয়েও ভূখণ্ডৰ অখণ্ডতাক সন্মান জনোৱা উচিত বুলি কৈছিল। প্ৰশ্ন হয় চীনৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইন যুদ্ধত শান্তিৰ প্ৰস্তাৱ আনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ডাঙৰ খেলুৱৈ হ’ব বিচাৰিছে নেকি? এবছৰত ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখন দেশৰ বহু ক্ষতি হৈছে। কিন্তু এই যুদ্ধত ছবিখন এতিয়া লাহে লাহে সলনি হৈ আহিছে। যুদ্ধৰ বাবে ইউক্ৰেইন এৰি বিভিন্ন দেশলৈ যোৱা লোকসকলক এতিয়া উভতি আহিছে নিজৰ দেশলৈ। সেয়ে আশা কৰা হৈছে যুদ্ধ সোনকালে শেষ হ’ব।


Leave A Reply