Cinnamon: ঋতুস্ৰাৱৰ অসহ্যকৰ বিষ নিয়ন্ত্ৰণ কৰে ডালচেনিয়ে

ঋতুস্ৰাৱৰ সময়ত বহুতো লোকৰ শাৰীৰিক দুৰ্বলতা ইমানেই বেছি হয় যে বিচনাৰ পৰা উঠিবে নোৱাৰে। সাধাৰণতে মেজাজৰ পৰিৱৰ্তন ঘটে এনে সময়ত। ঋতুস্ৰাৱৰ অসহ্যকৰ বিষ কমোৱাৰ বাবেও ঔষধ সেৱন কৰে বহুতে। ঔষধ গ্ৰহণ কৰাতকৈ ডালচেনি খালে বহুউপকাৰিতা লাভ কৰিব আপুনি।(Cinnamon) আনহাতে পিচিঅ’এছ থাকিলে এই লক্ষণসমূহ অধিক ভয়ানক হৈ পৰে। এই সকলোবোৰৰ আঁৰত আছে হৰম’নৰ পৰিৱৰ্তন।(Cinnamon Benefits)

এই সমস্যা সমাধানৰ বাবে ঔষধ আছে। কিন্তু এনে সমস্যা সমাধানৰ বাবে বহুদিন ধৰি দালচেনি ব্যৱহাৰ কৰিলে কিছু সুফল পাব। (Cinnamon controls menstrual pain)এই মছলাবিধৰ আয়ুৰ্বেদতো গুৰুত্ব আছে। ডালচেনিৰ উপকাৰিতাৰ বিষয়ে জানো আহক-


১) ঋতুস্ৰাৱৰ বিষ কমায়

ডালচেনি আচলতে প্ৰদাহ নিবাৰণকাৰী মছলা। কুহুমীয়া পানীত এচিকুট ডালচেনি মিহলাই খালে ঋতুস্ৰাৱৰ বিষ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

২) অত্যধিক ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰে

কিছুমান লোকে ঋতুস্ৰাৱৰ সময়ত অত্যধিক ৰক্তক্ষৰণ অনুভৱ কৰে। ডালচেনিয়ে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে। এই মছলাত এনে উপাদান থাকে যিয়ে ঋতুস্ৰাৱৰ সময়ত হোৱা এনে সমস্যা সমাধান কৰে। ফলত অত্যধিক ৰক্তক্ষৰণ কিছু পৰিমাণে নিয়ন্ত্ৰিত হয়।

৩) পাচনতন্ত্ৰৰ সমস্যা নিয়ন্ত্ৰণ কৰে

বহুতে ঋতুস্ৰাৱৰ সময়ত পেট ফুলা, বমি, পাচনতন্ত্ৰৰ সমস্যাৰ সন্মুখীন হয়। ডালচেনিয়ে গেষ্ট্ৰিক ৰস নিঃসৰণত সহায় কৰে যিয়ে পাচনত সহায় কৰে। ২০২৩ চনত ‘ৰয়েল ছ’চাইটি অৱ কেমিষ্ট্ৰী’ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি এই মছলাত ‘চিনামালডিহাইড’ আৰু ‘কুমাৰিন’ নামৰ দুটা উপাদান থাকে। যিবোৰে হজম শক্তি উন্নত কৰাত সহায় কৰে।

৪) হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰে

হৰম’ন মেনিপুলেচনে ‘পলিচিষ্টিক অভাৰী চিণ্ড্ৰম’ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। ডালচেনিয়ে তেজত থকা ইনচুলিন হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ফলত যদি এই প্ৰজনন হৰম’নবোৰ স্বাভাৱিক মাত্ৰাত থাকে তেন্তে পিচিঅ’এছৰ লক্ষণসমূহ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

৫) ভাল মেজাজ বজাই ৰাখে

বহুতে ঋতুস্ৰাৱৰ সময়ত মেজাজৰ পৰিৱৰ্তন অনুভৱ কৰে। আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ বৰ কষ্ট হয় এনে সময়ত। এনে সময়ত ডালচেনিৰ সহায়ত এই সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰি। এই মছলাবিধে শৰীৰৰ ৰক্ত সঞ্চালন স্বাভাৱিক কৰি ৰাখে, তেজৰ চেনিৰ মাত্ৰাও স্বাভাৱিক কৰে।

Related Articles