Breaking

নগাঁও আৰক্ষী ছাউনীত মহানগৰ আৰক্ষীৰ অভিযান: বদ্ৰীনাথ বাৰোৱাতীৰ পত্নীৰ ঘৰৰ পৰা নগদ ৩লাখ টকা, সোণৰ গহণা আৰু হীৰাৰ গহণা জব্দ

0 1,034

নগাঁও আৰক্ষী ছাউনীত মহানগৰ আৰক্ষীৰ অভিযান। আৰক্ষী উপপৰিদৰ্শক বদ্ৰীনাথ বাৰোৱাতিৰ পত্নীৰ কোৱাৰ্টাৰত অভিযান চলাই মহানগৰ আৰক্ষীয়ে। বিশেষ সুত্ৰে জানিব পৰা মতে আজি গুৱাহাটীত মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰা ৫০লাখ টকাৰ সোণৰ সৈতে সম্পৰ্ক আছিল বদ্ৰীনাথ বাৰোৱাটিৰ।আজি নিশা নগাঁৱৰ আৰক্ষী ছাউনীত মহানগৰ আৰক্ষীৰ এটা দলে অভিযান চলায়। গুৱাহাটীৰ ৰেলৱে আৰক্ষীৰ উপপৰিদৰ্শক বদ্ৰীনাথ বাৰোৱাটিৰ পত্নী বৰ্ণালী বৰাৰ চৰকাৰী আৱাসত অভিযান চলাই মহানগৰ আৰক্ষী সহকাৰী আৰক্ষী আয়ুক্তৰ নেতৃত্বত এটা দলে। আৰক্ষীৰ দলটোৱে বাৰোৱাতীৰ পত্নীৰ ঘৰৰ পৰা নগদ ৩লাখ টকা, সোণৰ গহণা আৰু হীৰাৰ গহণা জব্দ কৰে। ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে নগাঁৱৰ বিকানেৰ জেমছ এণ্ড জুৱেলাৰীতো অভিযান চলাই। উল্লেখযোগ্য যে, ৫০ লাখ টকাৰ সোণৰ সৈতে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মনোজ শ্বাহ বিকানেৰ জেমছ এণ্ড জুৱেলাৰীৰ কৰ্মচাৰী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আনজন অভিযুক্ত আৰমান আলীৰ সৈতেও সু-সম্পৰ্ক বিকানেৰ জেমছ এণ্ড জুৱেলাৰীৰ স্বত্বাধিকাৰী মণিহাৰীৰ। তাৎপৰ্য্যপূৰ্ণ ভাৱে মণিহাৰী নামৰ ব্যৱসায়ী গৰাকীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বহু অভিযোগ আছিল। নগাঁৱৰ বহু লোকৰ টকা আত্মসাৎ কৰি তেঁও বহুদিন বহি:ৰাজ্যত আত্মগোপন কৰি আছিল। ইতিমধ্যে মহানগৰ আৰক্ষীয়ে ৰামঅৱতাৰ মণিহাৰী নামৰ ব্যৱসায়ী গৰাকীকো আটক কৰিছে।

Leave A Reply