Breaking

গেণীচুকৰ ঐতিহাসিক কুন্দা আতা থানত স্বচ্ছতা অভিযান

0 82

ডিব্ৰুগড় জিলাৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ সৌজন্যত ৰহমৰীয়া গাওঁ পঞ্চায়তৰ উদ্যোগত বুধবাৰে ঐতিহাসিক গেণীচুক কুন্দা থানত স্বচ্ছতা অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰে।

বৃহত্তৰ ৰহমৰীয়া শতাধিক আত্মসহায় গোটৰ মহিলা সকলে সহযোগিতা আগবঢ়োৱা স্বচ্ছতা মিছন কাৰ্যসূচীত লাহোৱাল ব্লক পৰ্য্যায় চি ডব্লিও চি পাপৰি নায়ক দাস, ৰহমৰীয়া গাওঁ পঞ্চায়তৰ সভাপতি জিতুল গোহাঁই, সমাজৰ্কমী অতুল কোঁচে অংশ গ্ৰহণ কৰে।

ঐতিহাসিক কুন্দা আতা থানত স্বচ্ছতা মিছন কাৰ্যসূচী ৰূপায়ন কৰাত থান পৰিচালনা সমিতিৰ সম্পাদক দণ্ডি দত্তই চৰকাৰী বিভাগীয় কৰ্মচাৰী লগতে আত্মসহায়ক গোটৰ মহিলা সকললৈ ধন্যবাদ জ্ঞাপন কৰে ।

Leave A Reply