Breaking

পৰিষ্কাৰ পৰিচ্ছন্নতা উন্নত সমাজ গঢ়াৰ প্ৰথম খোজ- কৃষিমন্ত্ৰী অতুল বৰা…

0 64

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীকে দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আৱৰ্জনাজনিত সমস্যাসমূহৰ সমাধান কৰি অনাগত প্রজন্মৰ বাবে এক স্বচ্ছ পৰিৱেশৰ নিৰ্মাণৰ বাবে ১ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা এক ঘণ্টাৰ বাবে স্বচ্ছতাৰ কাৰণে শ্ৰমদান কৰিবলৈ জনোৱা আহ্বান অনুসৰি আজি খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ উদ্যোগত কৃষিমন্ত্ৰী শ্ৰীঅতুল বৰাৰ উপস্হিতিত ‘স্বচ্ছতা হি সেৱা’ৰ অধীনত ‘১ঘণ্টা লগে ভাগে শ্রমদান’ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয় ৷

কৃষি সঞ্চালকালয়ৰ চৌহদত আৰু চৌহদৰ বাহিৰত সম্পন্ন হোৱা এই শ্ৰমদান আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ নাগৰিকসকলক মানৱ স্বাস্থ্য আৰু পৰিৱেশ নিৰোগী তথা সুস্থিৰ কৰি ৰখাৰ লগতে দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ-সবল-নিৰোগী উন্নত সমাজ নিৰ্মাণ কৰাৰ উদ্দেশ্যে নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায় ৷

এই শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক শ্ৰী ভাস্কৰ পেগু, উদ্যান শস্য সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা,অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ (এএছঅ’কা) সঞ্চালক শ্ৰী মৌচম হাজৰিকা প্ৰমুখ্যে অন্যান্য বিষয়া-কৰ্মচাৰীসকল তথা স্বেচ্ছাসেৱীসকলে  কৃষি সঞ্চালকালয়ৰ চৌহদত আৰু চৌহদৰ বাহিৰত পৰিস্কাৰ-পৰিছন্নতাৰ অভিযান চলায়৷ 

Leave A Reply