Breaking

প্ৰবীন ৰাজনীতিবিদ,জননেতা,প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভূমিধৰ বৰ্মনক শেষ শ্ৰদ্ধা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 2,044

যোৱা ১৮ এপ্ৰিলত সন্ধিয়া গুৱাহাটীৰ দিছপুৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে জননেতা,প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ভূমিধৰ বৰ্মনে ।যোৱাকালি তেওঁৰ নশ্বৰ দেহ গৃহ জিলা নলবাৰীলৈ অনা হয় । যোৱাকালি নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত থকা বাসগৃহত লৈ গৈ শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নলবাৰী উপায়ুক্ত কাৰ্যালয়লৈ অনা হয় আৰু তাত উপায়ুক্ত পূৰৱী কোৱঁৰে ডা: ভূমিধৰ বৰ্মনৰ নশ্বৰদেহক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পিছত প্ৰয়াত জননেতা গৰাকীৰ নশ্বৰ দেহ তেওঁৰ কাপলাবড়িত থকা ঘৰলৈ নিয়া হয় । আজি ৰাতিপুৱা প্ৰয়াত ডা:ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ বিল্বেশ্বৰ দেৱালয়লৈ অনাৰ পিছত বেলশৰত থকা ভকতৰাম পুখুৰী পাৰ উদ্যানলৈ লৈ যোৱা হয় অন্ত্যেষ্টিক্ৰিয়াৰ বাবে । অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে ভকতৰাম পুখুৰী পাৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰয়াত ডা: ভূমিধৰ বৰ্মনক শেষ শ্ৰদ্ধা জনোৱাৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা , বিৰোধী দলপতি দেবব্ৰত শইকীয়া,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,বিধায়ক নাৰায়ন ডেকা, প্ৰশান্ত ফুকন,কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক প্ৰদ্যুত ভূঞাঁ,মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টে শান্তনু ভঁৰালী,জিলা উপায়ুক্ত পূৰৱী কোৱঁৰ,আৰক্ষী অধীক্ষক অমনজিত কৌৰকে ধৰি কেবাগৰাকী চৰকাৰী বিষয়া আৰু দলীয় নেতা সহ বিশিষ্ট ব্যক্তিসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে অসম আৰক্ষীৰ তৰফৰ পৰা তিনিজাঁই গুলী ফুটাই প্ৰয়াত ডা:ভূমিধৰ বৰ্মনৰ প্ৰতি শেষ অভিবাদন জনায় আৰু তাৰ পিছতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । প্ৰয়াত ডা: ভূমিধৰ বৰ্মনৰ মুখাগ্নী কৰে পুত্ৰ দিগন্ত বৰ্মনে । প্ৰবীন ৰাজনীতিবিদ, গৰীৱৰ বন্ধু, জননেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ভূমিধৰ বৰ্মনৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত হেজাৰ হেজাৰ গুণমুগ্ধ উপস্থিত থাকে ।

Leave A Reply