Breaking

মাজুলী নিৰ্বাচন আৰু ভুৱন গামৰ ভাষণ বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য!

0 2,070

মাজুলী নিৰ্বাচন আৰু ভুৱন গামৰ ভাষণ বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য!মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় ‘২০২১ চনতকৈ আৰু অধিক ভোটত মাজুলীত বিজেপি প্ৰাৰ্থী জয়ী হ’ব’।৩/৪ তাৰিখে মাজুলীলৈ যাব মুখ্যমন্ত্ৰী।”ভাল বক্তা হ’লেই যে ৰাইজৰ কাম কৰিব পাৰিব তাৰ কথা নাই। কথা ক’ব পৰা সু-বক্তাই ৰাইজৰ কাম কৰিব নোৱাৰিবও পাৰে”।”ভুৱন গামে কথা ক’ব নোৱাৰে কিন্তু ৰাইজৰ কাম কৰিব পাৰে।” “ইতিমধ্যে মাজুলীৰ ৰাইজৰ বাবে বহু কাম কৰিছে ভুৱন গামে।

বিধান সভাত আহিলে কথা ক’ব পৰা হৈ যাব”এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।২৫ তাৰিখে আদালতৰ চমন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য,”মোলৈ মাজে মাজে চমন বা কিবা কিবি আহি থাকে।””গতিকে মই তাক লৈ চিন্তা কৰা নাই। মোৰ উকিলে জানিব।”
“এতিয়া ব’ম্বে,অন্ধ্ৰৰ পৰাও চমন আহিব, গতিকে মই চিন্তা নকৰো।”

Leave A Reply