Breaking

৭ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

0 75

দেওবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ প্ৰস্তাৱিত ৭ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণৰ সন্দৰ্ভত উচ্চ শিক্ষা বিভাগ আৰু সংশ্লিষ্ট মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে এক বৈঠকত মিলিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে।

বৈঠকত অহা আগষ্ট মাহৰ ভিতৰত মহাবিদ্যালয় কেইখনক বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষসকলক অহা ৭ দিনৰ ভিতৰত বিশ্ববিদ্যালয় সম্পৰ্কীয় সকলো দিশ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা দিয়ে।

বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে প্ৰস্তাৱিত ৭ খন মহাবিদ্যালয় ক্ৰমে –

১) নগাঁও মহাবিদ্যালয়

২) শিৱসাগৰ মহাবিদ্যালয়

৩) জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট

৪) লখিমপুৰ মহাবিদ্যালয়

৫) কোকৰাঝাৰ মহাবিদ্যালয়

৬) গুৰুচৰণ মহাবিদ্যালয়, শিলচৰ

৭) বঙাইগাঁও মহাবিদ্যালয়

বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ প্ৰমূখ্যে শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

Leave A Reply