Breaking

“গুৱাহাটী নিবাসী জামুগুৰিয়াৰ প্ৰশংসনীয় পদক্ষেপ”

0 2,032

 শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাট তথা নদুৱাৰত জন্মগ্ৰহণ কৰি কৰ্মসূত্ৰে গুৱাহাটী নিবাসী হোৱা জামুগুৰীয়াই অঞ্চলটোৰ উন্নয়ন বাবে গ্ৰহণ কৰি অহা প্ৰশংসনীয় পদক্ষেপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে গঠন হোৱা ‘জামুগুৰিহাট গুৱাহাটী ফ’ৰামে’ জন্মলগ্নৰে পৰা অঞ্চলটোৰ উন্নয়ন বাবে বিশেষকৈ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা প্ৰদান, গুৱাহাটীত স্মৃতি দিৱস পালন, জামুগুৰিৰ কৃতী ছাত্র-ছাত্ৰীলৈ আৰ্থিক সহযোগিতা আগবঢ়োৱা, জামুগুৰিৰ পৰা যোৱা ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত সহায় কৰা আদি কাৰ্যই অঞ্চলবাসীক হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ এই ফ’ৰামে যোৱা ৩ অক্টোবৰ তাৰিখে “ৰোগীৰ যত্ন আৰু পৰিচৰ্যাৰ ওপৰত স্বেচ্ছাসেবকৰ ভূমিকা” শীৰ্ষক বিষয়ত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰে। উক্ত আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশ লয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটালৰ সঞ্চালক ডাঃ মুনীন্দ্ৰ নাৰায়ণ বৰুৱা আৰু আই, আই, ই, গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক ড০ সুনীল শইকীয়াই। চক্ৰত ৰোগীসকলৰ আৰ্থিক স্থিতি, সামাজিক স্থিতি আৰু মনোবৈজ্ঞানিক দিশত বিশেষভাৱে আলোকপাত কৰাৰ লগতে ডাঃ মুনীন্দ্ৰ নাৰায়ণ বৰুৱাই ধপাত মুক্ত সমাজ গঢ়াৰ ক্ষেত্রত স্বেচ্ছাসেবকৰ ভূমিকা সম্পৰ্কে বিশেষ ভাৱে আলোচনা কৰে। ফ’ৰামৰ কাৰ্যকৰী সভাপতি দ্বিজেন দাসে আদৰণি ভাষণ প্ৰদান কৰা আলোচনা চক্ৰখনত উপস্থিত থকা ফ’ৰামৰ সদস্য তথা মুখ্যমন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া কুন্টলমণি বৰদলৈয়ে বিষয় সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়োৱাৰ লগতে ড০ কন্দৰ্প শইকীয়া, আৰমান আলি, দিপিকা গোস্বামী আৰু শশীমোহন ভূঞাইও স্বেচ্ছাসেবক ভূমিকা আৰু দায়বদ্ধ তাৰ ওপৰত নাতিদীর্ঘ বক্তব্য আগবঢ়াই। ফ’ৰামৰ সদস্য শান্তনু শৰ্মা আৰু ইন্দ্ৰ কাৰ্কীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰা আৰু খানাপাৰাৰ শিক্ষা প্ৰতিষ্ঠান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত আলোচনা চক্ৰৰ অন্তত জামুগুৰিৰ উন্নয়ন কেন্দ্ৰীক বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ফ’ৰামে গ্ৰহণ কৰে। ইয়াৰ ভিতৰত জামুগুৰিৰ পৰা গৈ গুৱাহাটীত থকা লোকসকলৰ মাজত এটা শক্তিশালী স্বেচ্ছাসেবকৰ দল গঠন কৰা। ২) সেৱা আগবঢ়োৱা স্বেচ্ছাসেবকসকলক মাননি প্ৰদান কৰা । ৩) স্বেচ্ছাসেবকসকলে  চিকিৎসাজনীত কাৰণত সহায় কৰাৰ উপৰিও ,প্ৰয়োজনত জামুগুৰিহাটৰ পৰা যোৱা ৰোগীৰ ওচৰলৈ গৈ যাবতীয় দিহা পৰামৰ্শ আগবঢ়োৱা। ৪) শিক্ষাৰ বাবে সময়ে সময়ে guide হিচাপে সকলোবোৰ খৱৰ যোগান ধৰা। ৫) জামুগুৰিহাটত এখন ধপাত মুক্ত গাঁৱৰ সৃষ্টি কৰি এক নিদৰ্শন দাঙি ধৰা। ৬) ৰোগীসকলৰ সুবিধা হোৱাকৈ বিভিন্ন লজ, ধৰমশালা ,হোষ্টেলৰ যোগাযোগৰ ব‍্যৱস্হ কৰি দিয়াৰ লগতে ফ’ৰামে নিজাববীয়াকৈ এটা থকা লোৱাৰ ব‍্যৱস্হা কৰা আদি। জামুগুৰিহাট গুৱাহাটী ফ’ৰামৰ এনেবোৰ চিন্তাই সম্প্ৰতি বৃহত্তৰ জামুগুৰিহাটলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। চিকিৎসা আৰু শিক্ষাৰ বাবে ফ’ৰামে ইতিমধ্যে একোটাকৈ ন্যাস গঠনৰো প্ৰস্তুতি চলাইছে বুলি কাৰ্যালয় সম্পাদক ঈশ্বৰচন্দ্ৰ বৰাই জানিবলৈ দিয়ে।

Leave A Reply