Breaking

দুই শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

0 30

তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি সংযোগী পথত নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত ভূটান পাহাৰৰ পাদদেশৰ পৰা বৈ অহা বৰনদীৰ পাৰৰ নয়নাভিৰাম সেউজীয়া পৰিবেশত ইণ্ডো-ভূটান ইক’ টুৰিজিম চ’চাইটিৰ সৌজন্যত গঢ় লৈ উঠা পৰ্যটন ক্ষেত্ৰৰ গাতে লাগি থকা বৰনদী ধাবা নামৰ এখন নতুন ধাবা এক মাংগলিক কাৰ্যসূচীৰে মুকলি কৰে বিজেপিৰ জিলা সভাপতি ভিক্টৰ কুমাৰ দাসে।

প্ৰকৃতিৰ এনে দৃষ্টিনান্দনিক ৰূপৰ এনেহেন প্ৰাকৃতিক পৰিবেশৰ মাজত নাগ্ৰীজুলিৰ গুৱাবাৰী অঞ্চলৰ স্নাতক ডিগ্ৰীধাৰী প্ৰীতম সৰকাৰ আৰু হোটেল মেনেজমেণ্টৰ স্নাতক সমীৰন সৰকাৰে এই ধাবাখন আৰম্ভ কৰে।

তামুলপুৰ জিলা বিজেপিৰ সভাপতি তথা যুৱ সমাজকৰ্মী ভিক্ট’ৰ কুমাৰ দাসে এক মাংগলিক পৰিবেশৰ মাজেৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে বৰনদী নামৰ এই ধাবাখন। এই ধাবাখনত বিভিন্ন লোকৰ উপযোগীকৈ ভিন্ন ৰুচিৰ খাদ্য সম্ভাৰৰ লগতে থলুৱা সুস্বাদু খাদ্য সামগ্ৰীৰ উপলব্ধ হব বুলি উল্লেখ কৰিছে শিক্ষিত যুৱক প্ৰীতম আৰু সমীৰণে।

ইয়ালৈ আহিলে নাগ্ৰীজুলি চাহ বাগিচা আৰু বৰনদীৰ পাৰৰ নয়নাভিৰাম দৃশ্য পৰ্যটক সকলে উপভোগ কৰিব পাৰিব।

Leave A Reply