Breaking

দিকচু গাওঁ পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ : মাটি কঠালৰ খেতিয়ে কঢ়িয়াইছে আশাৰ সঞ্চাৰ

0 354

নাজিৰা পৰা দিলীপ হাজৰিকাঃ

অসমৰ পঞ্চায়তীৰাজ ব্যৱস্থাত বিভিন্ন দুৰ্নীতিৰ বাতৰিয়ে সঘন শিৰোনাম দখল কৰি থকা সময়তে শিৱসাগৰ জিলাৰ  এখন গাওঁ পঞ্চায়তে হাতত লোৱা উন্নয়নমূলক আঁচনিয়ে এতিয়া জনসাধাৰণৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে | উল্লেখযোগ্য যে, সমষ্টিটোৰ  নামতিৰ দিকচু গাঁও পঞ্চায়তখনে নিজাববীয়াকৈ উপাৰ্জনৰ এক ব্যতিক্ৰমী পথ বাছি লৈছে । বৰ্তমান অগপৰ দখলত থকা গাঁও পঞ্চায়তখনত স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ পৰামৰ্শত এনে এক ইতিবাচক কৰ্মসম্পন্ন কৰি তুলিছে পঞ্চায়তখনৰ সভাপতি সঞ্জীৱ বৰা আৰু সৰ্তীথসকলে । পঞ্চায়তখনে আবাদী হৈ পৰি থকা চাৰি বিঘা ভূমিত পাঁচ হাজাৰ  মাটিকঁঠাল আৰু পাঁচ হাজাৰ সাঁচি পুলি ৰোপন কৰি  আদৰ্শৰ বাট দেখুৱাবলৈ সক্ষম হৈছে | সমান্তৰালকৈ ৰোপণ কৰিছে শতাধিক জলকীয়াৰ পুলি লগতে আন বিভিন্ন ধৰণৰ ফলমূলৰ পুলি | ইতিমধ্যে মাটিকঁঠাল বিলাক পুৰঠ হবলৈ আৰম্ভ কৰিছে | যথেষ্ট চাহিদা থকা এই মাটি কঁঠালৰ আহাৰ মাহৰ শেষৰ ভাগত বিক্ৰী কৰি পঞ্চায়তখনে এক বৃহত অংকৰ ধন লাভ কৰিব বুলি পঞ্চায়তৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিছে | উক্ত খেতিত গাঁওপঞ্চায়তখনৰ বহুকেইগৰাকী পুৰুষ মহিলাই এনৰেগা অাঁচনিৰ জৰিয়তে কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে | নাগালেণ্ডৰ পৰা অনা বীজেৰে কৰা এই মাটি কঁঠালৰ উৎপাদনৰ পৰিমাণ পৰৱৰ্তী সময়ত দুগুণ অথবা তিনিগুণ হ’ব বুলি পঞ্চায়তখনৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় লোকসকল আশাবাদী | তেওঁলোকে মাটিকঠাল বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে পঞ্চায়তখনৰ আন্ত:গাথনি আৰু উন্নয়নমূলক কামত খৰচ কৰিব | আনহাতে,  শিৱসাগৰ জিলাৰ নামতি আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত সাঁচি গছৰ খেতিকে উপার্জনৰ মূল পথ হিচাপে বাচি লৈছে অধিকাংশ লোকে । এই অঞ্চলৰ সাঁচি গছৰ পৰা উৎপাদিত সুগন্ধি তেল এতিয়া বিশ্বৰ বজাৰত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । সেয়েহে একোজোপা সাঁচি গছ পুৰঠ হ’লে আগন্তুক প্রায় দহ বছৰৰ পাছত দিকচু পঞ্চায়তৰ নিজৰ পুঁজি কেইবা লক্ষাধিক টকা স্পৰ্শ কৰাটো প্ৰায় নিশ্চিত | পঞ্চায়তখনৰ সভাপতি সঞ্জীৱ বৰাই এই প্রতিবেদকক জানিবলৈ দিয়া মতে, সাঁচি গছৰ পৰা উপাৰ্জিত ধনেৰে পঞ্চায়ত এলেকাৰ দৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলক সহায় কৰাৰ লগতে পঞ্চায়ত এলেকাৰ বিভিন্ন উন্নয়নমূলক কামৰো পৰিকল্পনা আছে পঞ্চায়ত কতৃপৰ্ক্ষৰ | কোৱা বাহুল্য যে, কৰ্মসংস্থাপনহীন লোকৰ কাৰণে আদৰ্শৰ বাট দেখুৱাইছে নামতিৰ দিকচু গাঁও পঞ্চায়তখনে | অসমত এনে বহুত পঞ্চায়ত আছে যিবিলাক পঞ্চায়তৰ বিঘা বিঘা ভূমি আবাদী হৈ পৰি আছে | তেনেবিলাক পঞ্চায়তেও দিকচু পঞ্চায়তক অনুকৰণ কৰি আচনি প্ৰস্তুতেৰে উপাৰ্জনৰ বাট মুকলি কৰি ৰাহি হোৱা ধনেৰে উন্নয়নমূলক কৰ্মত নিয়োজিত হ’ব পাৰে | জৱকাৰ্ড কৰ্মীসকলে হাবি জংঘল কাটি উপযোগী কৰি তোলা পঞ্চায়তখনৰ আবাদী মাটিত সম্প্ৰতি জাক-জমকতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে |

Leave A Reply