Breaking

উপায়ুক্তৰ আকস্মিক বিদ্যালয় পৰিদৰ্শন, শ্ৰেণীকোঠাত পাঠদান

0 321

বৰপেটা জিলাৰ উপায়ুক্ত আয়ুস গাৰ্গে (আই.এ.এছ.)সোমবাৰে আকস্মিকভাৱে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ বিভিন্ন দিশ পৰিদৰ্শন কৰাৰ উপৰিও দশম শ্ৰেণীত বিভিন্ন বিষয়বস্তৰ ওপৰত ছাত্ৰ ছাত্ৰীক পাঠদান কৰে।

তেওঁ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ ইংৰাজী ভাষাৰ পঠন দক্ষতাও বিভিন্ন প্ৰকাৰে পৰীক্ষা কৰি ছাত্ৰ ছাত্ৰী সকলক উৎসাহ আৰু প্ৰেৰণা যোগাবলৈ বিভিন্ন কথাৰ অৱতাৰণা কৰে।

তেওঁ বৰপেটা জিলাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীকে নিজ নিজ বিদ্যালয়ৰ গৌৰৱময় ইতিহাসৰ বিষয়ে পূংখানুপূংখ ভাবে জানি লবলৈ আহ্বান জনায়।

এই আকস্মিক বিদ্যালয় পৰিদৰ্শন কাৰ্যত উপায়ুক্ত গৰাকীক অতিৰিক্ত উপায়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্ত, অতিৰিক্ত উপায়ুক্ত (সমাজ কল্যাণ) গীতাশ্ৰী লাচিত, বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক পৰেশ শৰ্মা, সমগ্ৰ শিক্ষাৰ জিলা আচঁনি বিষয়া চিতাংগ ডেকা, পি এম পোষন ৰ জিলা গাণনিক বিষয়া অশোক কুমাৰ ঠাকুৰ, এফ এল এনৰ জিলা প্ৰালোচক মিনাক্ষী দাস, সমগ্ৰ শিক্ষা বৰপেটা শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাস আৰু সদৰ বালক মজলীয়া বিদ্যালয় মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নৱজীৎ কুমাৰ দাসে সংগ দিয়ে।

Leave A Reply