Breaking

কলগছৰ আঁহযুক্ত পেলনীয়া সামগ্ৰীৰ নতুন উৎস উদ্ভাৱনৰ গৱেষণাৰে সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰীৰ কৃতিত্ব

0 108

কলগছ অসমীয়া সমাজ জীৱনৰ এৰাব নোৱাৰা অংগ। কলৰ প্ৰতিটো অংশই ব্যৱহাৰ কৰা হয়। কিন্তু কল লগাৰ পাছত পুৰঠ কলগছ জোপা পেলাই দিব লাগে। নষ্ট হয় কলৰ গা গছ। গ্ৰাম্য সমাজত কলগছৰ পটুৱাৰে ভোজ খোৱা বা জা-জলপান খোৱাৰ ডোং প্ৰস্তুত কৰা হৈছিল যদিও সেয়া এতিয়া পাহৰণি সদৃশ।

কলৰ কাণ্ড, পাত, বাহিৰৰ বাকলিৰ পৰা ৰছী, বাস্কেট, মেট, মোনা আনকি কাপোৰও তৈয়াৰ কৰিব পাৰি। কলগছৰ আঁহযুক্ত সামগ্ৰীৰ পৰা নতুন উৎস উদ্ভাৱনেৰে স্বাৱলম্বিতাৰ ক্ষেত্ৰত জীৱিকা অৰ্জনৰ পথ প্ৰশস্ত কৰি তুলিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ গৱেষক ছাত্ৰী, তিতাবৰৰ নামচুঙীৰ দিব্যাশ্ৰী শইকীয়াই ‘Study on Downstream processing for utilisation of banana waste for fiber extraction fiber based products and other value added end uses for sustainable livelihood’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে সন্মানীয়  ডক্টৰেট ডিগ্ৰী অৰ্জন কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

তিতাবৰ নগৰৰ নিবাসী তথা এলেঙীৰ জয়ৰাম শইকীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত গুণাৰাম শইকীয়া আৰু সুগৃহিনী মিনু শইকীয়াৰ কন্যা দিব্যাশ্ৰী শইকীয়াৰ কৃতিত্বই সম্প্ৰতি তিতাবৰবাসীক গৌৰৱান্বিত কৰি তুলিছে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ বস্ত্ৰ আৰু সাজপাৰ ৰূপাঙ্কণ বিভাগৰ অধ্যাপিকা ডঃ নবনীতা গগৈৰ তত্বাৱধানত গৱেষণা সম্পন্ন কৰা আৰু  অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয়  ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা ডঃ দিব্যাশ্ৰী শইকীয়া পশ্চিম তিতাবৰৰ প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, নামচুঙীৰ নিবাসী প্ৰয়াত দেৱেন ৰাজখোৱা আৰু চকিয়াল চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দিব্যপ্ৰভা বৰাৰ বোৱাৰী আৰু তিতাবৰৰ  ‘আসাম নাৰ্চিং ইনষ্টিটিউট’ আৰু ‘আসাম ফাৰ্মাচি ইনষ্টিটিউট’ৰ সঞ্চালক মাধূৰ্য ৰাজখোৱাৰ পত্নী।

উল্লেখ্য যে, তিতাবৰ প্ৰেছ ক্লাবৰ মুখপত্ৰ সম্পাদক, ৰাজহুৱা কৰ্মী, লেখক, ‘দৈনন্দিন বাৰ্তা’ৰ তিতাবৰৰ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাৰ ভাইবধু আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নামচুঙী গাঁও পঞ্চায়তৰ জীৱিকা সখী জীনা দত্তৰাজখোৱাৰ জা, বৰ্তমান তিতাবৰৰ ‘এম ডি হেল্থ কেয়াৰ এণ্ড ডায়গনষ্টিক চেণ্টাৰ’ৰ সঞ্চালিকা  ডঃ দিব্যাশ্ৰী শইকীয়ালৈ তিতাবৰ প্ৰেছ ক্লাৱ, তিতাবৰৰ শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম শৰ্মা বুঢ়াভকত, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মধ্য তিতাবৰ আঞ্চলিক শাখা, ভক্তিতৰু প্ৰাথমিক শাখা, নামচুঙীৰ অনন্যা গ্ৰাম্য সংগঠন, অসম ৰাজ্যিক অ’বিচি সংঘ, তামোলবাৰী নৱজ্যোতি যুৱ স‍ংঘ, তিতাবৰ মহকুমা চুতীয়া ছাত্ৰ সন্থা, তিতাবৰ মহকুমা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব’ৰ্ডৰ উপাধ্যক্ষ দীপক সন্দিকৈ, আগৰ প্লেণ্টাৰ্চ এণ্ড টেডাৰ্চ এচ’চিয়েশ্যনৰ সভাপতি তথা এম জে আই গ্ৰুপৰ সঞ্চালক ডঃ জেহিৰুল ইছলাম, শিক্ষাবিদ বুদ্ধিন্দ্ৰ নাথ শইকীয়া আদি বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু শুভাকাংক্ষীসকলে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছে।

Leave A Reply