Breaking

৩ অক্টোবৰৰ পৰা বাধ্যতামূলক শিক্ষাসেতু পোৰ্টেল। নগাঁও হাইলাকান্দি অতি বেমেজালি জিলা…

0 68

৩ অক্টোবৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত বাধ্যতামূলক হব শিক্ষাসেতু পোৰ্টেল। এই বিষয়ে ঘোষনা কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। মন্ত্ৰী পেগুৱে সদৰি কৰামতে ৰাজ্যখনত বেমেজালিৰ সৃষ্টি কৰা জিলা দুখন হৈছে নগাঁও আৰু হাইলাকান্দি। বিভাগে অতি কঠোৰ ভাবে নিৰীক্ষণ কৰি থকা বুলি উল্লেখ কৰি কয় যে বিদ্যালয় সমূহত ” ৪ জিবি” টেবলেট প্ৰদান কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হোৱা বিদ্যালয়ত ৫ টাকৈ টেবলেট দিয়া বুলিও সদৰি কৰে। আনহাতে নেটৱৰ্কৰ অসুবিধাইও উপস্থিতি প্ৰদানৰ ক্ষেত্ৰত এই টেবলেট কেইটাৰ কোনো অসুবিধা নহয় বুলি স্পষ্ট কৰি দি মন্ত্ৰী পেগুৱে এপটো তেনে ধৰণে প্ৰস্তুত কৰা বুলি জানিবলৈ দিয়ে।

বৰ্তমান ৰাজ্যত ৪৪,৭৩৫ খন বিদ্যালয়ৰ বিপৰীতে শিক্ষক কৰ্মচাৰীৰ সংখ্যা ২,৩৫,৩৮৭ গৰাকী যদিও পোৰ্টেলত ২,১৩,৬৮৫ গৰাকীয়ে পঞ্জীয়ন কৰিছে। একেদৰে ৰাজ্যত শিক্ষাৰ্থীৰ সংখ্যা ৪৭,৯৬,৯৮০ জনৰ বিপৰীতে পোৰ্টেলত পঞ্জীয়ন হৈছে ৪৬,০৭,৫৫৮ জন। মন্ত্ৰী পেগুৱে সদৰি কৰামতে ২০ ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত শিক্ষাৰ্থীৰ সংখ্যা আছিল ৪৯,২১,১৮৮ গৰাকীৰ বিপৰীতে ২৮ ছেপ্টেম্বৰত এই সংখ্যা হয়গৈ ৪৮,৪২,৩৮৩ গৰাকী। ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিয় উঠা নমা হৈ আছে সি এক ৰহস্য। আনহাতে মন্ত্ৰী পেগুৱে ২০২৪ বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত অবসৰ গ্ৰহন কৰিবলগীয়া শিক্ষকৰ ওপৰত ভিত্তি কৰি বিজ্ঞাপন প্ৰকাশ কৰিব বুলিও সদৰি কৰে। আনহাতে বৰাক উপত্যকাত কোনো বিদ্যালয় বন্ধ নহয় বুলি স্পষ্ট কৰি দি ঐচ্ছিক বিষয় আৰু এম আই এল একত্ৰীকৰণ কৰা হব বুলি জানিবলৈ দিয়ে।

Leave A Reply