Breaking

চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতি অসমৰ সাধাৰণ সম্পাদক হৰেন চুতীয়াৰ মৃত্যুত ঢকুৱাখনাৰ সাধনী ভৱনত শোক প্ৰস্তাৱ,শ্ৰদ্ধাঞ্জলি জ্ঞাপন

0 1,113

চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতি অসমৰ সাধাৰণ সম্পাদক হৰেন চুতীয়াৰ মৃত্যুত ঢকুৱাখনাৰ সাধনী ভৱনত শোক প্ৰস্তাৱ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ।সদৌ চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হৰেন চুতীয়া যোৱা নিশা পৰলোকগামী হয়।চুতীয়া জাতি তথা অসমীয়া সমাজলৈ বৰঙণি আগবঢ়োৱা হৰেন চুতীয়াৰ মৃত্যু খবৰে চুতীয়া জনগোষ্ঠীটোৰ অপূৰণীয় ক্ষতি সাধন হয়।তেখেতৰ মৃত্যুত অসমৰ ভিন্ন প্ৰান্তত চুতীয়া জনগোষ্ঠীৰ দল সংগঠনসমূহে জাতিৰ পতাকা অৰ্ধনমিত কৰাৰ লগতে শোক প্ৰস্তাৱ গ্ৰহণ কৰে।সমান্তৰালভাৱে আজি ঢকুৱাখনাৰ সাধনী ভৱনত ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনে তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক প্ৰস্তাৱ সভা অনুষ্ঠিত কৰে।

চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰা, চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কুমল বৰুৱা, চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তৱ কিশোৰ চুতীয়া, সদৌ চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰা, চুতীয়া যুৱ সন্মিলনৰ কাৰ্যকৰী সভাপতি নিপেন খনিকৰে অংশগ্ৰহণ কৰে।

Leave A Reply