Breaking

শতকৰ ঘৰত কৰ’নাক্ৰান্ত,এদিনত বাঢ়িল ৮ জন। গুৱাহাটী-বিশ্বনাথ-যোৰহাট-শিবসাগৰত নতুনকৈ আক্ৰান্ত।

0 89

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

শতকৰ ঘৰত প্ৰবেশ কৰিলে অসমত কৰ’নাক্ৰান্তৰ সংখ্যা। সবাতোকৈ বিপদসংকুল হৈছে গুৱাহাটী।মহানগৰীত মুঠ ৩২ জন হৈছে আক্ৰান্ত।এইসকলোৰে নাই ট্ৰেভেল হিষ্টৰী।আজিও ওলাল ছয়জনৰ খবৰ। ইয়াৰে দুগৰাকী ব্যক্তি মুম্বাইৰ পৰা অসমলৈ আহিছিল ৷ আনগৰাকী ব্যক্তি বিহাৰৰ পৰা ৰাজ্যলৈ আহিছিল ৷ ফটাশীল আমবাৰী,কালাপাহাৰ আৰু ৰুক্মীনিগাৱঁত ওলাইছে আক্ৰান্ত।ৰুক্মিনীগাৱঁৰ ভাড়াঘৰত থকা ত্ৰিপুৰাৰ এগৰাকী যুবতী হৈছে আক্ৰান্ত।যোৱা তেৰ মে’ত গুৱাহাটীৰ পৰা নিজ ৰাজ্যলৈ যোৱা যুবতীগৰাকীৰ দেহত পোন্ধৰ মে’ত কৰ’না ভাইৰাছৰ সংক্ৰমণ নিশ্চিত হয়।ফলত হুৱা-দুৱা লাগিছে ৰুক্মিনীগাৱঁত।একেদৰে চাংসাৰী আলুগুদামৰে সংক্ৰমিত মাংৰু ছাহানীৰ সংস্পৰ্শলৈ অহা ফটাশীল আমবাৰী আৰু কালাপাহাৰৰ দুজন ব্যক্তিৰ দেহত ওলাইছে এই ভাইৰাছ।ইয়াৰ উপৰিও দিল্লীৰ পৰা নিজৰ মাতৃ,ভগ্নী আৰু অন্য পাঁচজনৰ সৈতে ট্ৰেভেলাৰৰ দ্বাৰা আহি কাজিৰঙা কোৱাৰেন্টাইট কেন্দ্ৰত থকা ছাত্ৰ এজন আক্ৰান্ত হৈছে।যোৰহাট নগৰত ঌ বছৰীয়া শিশু এটাও আক্ৰান্ত হৈছে।অভিভাবকৰ সৈতে দিল্লীৰ পৰা আহিছিল শিশুটো।ইয়াৰ লগতে পশ্চিম বংগত কৰ্মৰত বিশ্বনাথৰ এজন ব্যক্তিও আক্ৰান্ত হৈছে।বিভিন্ন বাহনত আহি উপস্থিত হৈছিল নিজৰ ঘৰত। আনহাতে নিজৰ কেন্সাৰ আক্ৰান্ত পত্নীৰ চিকিৎসাৰ বাবে দিল্লীলৈ যোৱা বোকাখাতৰ অজিত শইকীয়া, তেওঁৰ পত্নী আৰু লগত লৈ যোৱা কংকনজ্যোতি বৰা কৰ’নাত আক্ৰান্ত হৈছিল।পত্নী আৰু কংকনজ্যোতি কৰ’নামুক্ত হ’লেও পাঁচদিনৰ পূৰ্বে মৃত্যু হয় অজিত শইকীয়াৰ।মৃতদেহ পৰি আছে হাস্পাতালৰ মৰ্গত।দিল্লীত অসমৰ ৩৫ জন আক্ৰান্ত হৈছিল আৰু দুজনৰ এতিয়ালৈ দিল্লীতে মৃত্যু হৈছে।এনেকৈয়ে ভয়াবহতাৰ দিশত আগুৱাইছে অসমত কৰ’না সংক্ৰমণ।।

Leave A Reply