Breaking

ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড-১৯ টিকাকৰণ।

0 2,035

প্ৰতিদিনে এশ ব্যক্তিক টিকাকৰণ প্ৰদান ধুলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত।

দৰং জিলাৰ ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিগত বৰ্ষৰ পৰা বৰ্তমান সময়লৈ ক’ভিড টিকাকৰণ চলি আছে। নিৰ্ধাৰিত বয়সৰ সকলো নাগৰিক, আনুসংগিক ব্যক্তি, ইতিমধ্যে পঞ্জীভূত হোৱা আৰু আগশাৰীৰ এ.এন.এম, অংগনাবাদী কৰ্মী তথা হিতাধিকাৰী সকলক ক’ভিড টিকাকৰণ প্ৰদান কৰা পৰিলক্ষিত হয়। ধূলা স্বাস্থ্য কেন্দ্ৰৰ ক’ভিড প্ৰশিক্ষণ প্ৰাপ্ত এ.এন.এম
মিনাক্ষী শৰ্মা আৰু মমতাজ সৰকাৰৰ সহযোগত টিকাকৰণ প্ৰদান কৰা হয়। ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ সুমনা বৰুৱাৰ উপস্থিতিত দৈনিক গঢ়ে প্ৰায় শতাধিক ৰাইজক  টিকাকৰণ কৰা হয়। টিকাকৰণৰ পিছত ক’ভিডৰ নিয়মাৱলী- মাক্স পৰিধান, চাবোন আৰু পানীৰে নিয়মিত ভাৱে নিজৰ হাত ধোঁৱা, সামাজিক দূৰত্ব মানি চলা আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে কেন্দ্ৰ খনত ক’ভিড টেষ্ট কৰাৰ পিছত যিসকল ব্যক্তিৰ কৰুণা চিনাক্ত হৈছে সেইসকল ব্যক্তি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু আন কিছু ব্যক্তিক হোম কোৱাৰাইণ্টাইন কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। কৰুণাৰ দ্বিতীয়টো ঢৌৱে ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্যত।  দিনে দিনে জটিল হৈ পৰিছে অসমৰ কৰোনা পৰিস্থিতি। দৈনিক ভংগ হৈছে কৰুণা আক্ৰান্ত তথা মৃত্যুৰ অভিলেখ। ইতিমধ্যে ৰাজ্যত এই কৰুণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে হাজাৰৰো অধিক লোক। কৰুণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তৰ্গত পানীয়াখাট, হিৰাপাৰা, খাটনীয়াপাৰা, বালাবাৰী, আটাকাটা, মাগুৰমাৰী আদি বিভিন্ন অঞ্চলৰ অঞ্চলবাসীক ক’ভিড-১৯ প্ৰটকল মানি পৰিচালিত হবলৈ আহ্বান জনায় কেন্দ্ৰ খনৰ বিষয়া ডাঃ সুমনা বৰুৱাই। অসমৰ লগতে ধূলা অঞ্চলৰ প্ৰতিজন ব্যক্তিক  সজাগ হৈ মাক্স ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি চৰকাৰ তথা প্ৰশাসনৰ নীতি-নিয়ম মানি চলিবলৈ বিনম্ৰতাৰে আহ্বান জনায় ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ সুমনা বৰুৱাই।

Leave A Reply