Breaking

বকোত ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়তে কোভিড প্ৰ’টকল ভংগ

0 2,034

চৰকাৰী দণ্ডাধিকাৰীয়ে প্ৰ’টকল গঢ়ে আৰু ভাঙে।

ক’ৰোণা মহামাৰীৰ আতংকৰ বাবে চৰকাৰে ঘোষণা কৰিছে কোভিড প্ৰ’টকল।চৰকাৰী কোভিড প্ৰ’টকল অনুসৰি নিৰ্দিষ্ট জিলাত ১২ বজালৈ দোকান পোহাৰ তথা বজাৰ খুলা আৰু ১ বজাৰ পৰা সান্ধ্য আইন বলবৎ। ইফালে প্ৰশাসনৰ কাঢ়া নিৰ্দেশ মতে ৰাজহুৱা স্থানত একাধিক ব্যক্তিয়ে জুম কৰিব নোৱাৰিব ; সামাজিক দুৰত্ব বজাই ৰাখিব লাগিব।মহামাৰী বিধৰ অধিক সংক্ৰমণ নহ’বলৈ বজাৰ ঘাট বন্ধ কৰা হৈছে। কিন্তু কামৰূপ জিলাৰ বকোত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ভাঙিছে মহামাৰী কোভিড প্ৰ’টকল।

উল্লেখ্য যে ; প্ৰধান মন্ত্ৰী কিষাণ আঁচনি খনৰ চৰকাৰী ধন লাভ কৰিবলৈ জমা দিব লগা নথি পত্ৰ সমুহ ঠিক ঠাক কৰিবলৈ গাওঁৰ ৰাইজ হিল দোল ভাঙি ওলাই আহিছে দলে দলে। এই দৃশ্য কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ। আজি কেৱাদিনো ধৰি বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু ৰাজহ আদায় লোৱা মৌজাদাৰ কাৰ্য্যালয়ত এনেদৰে ভিৰ হৈছে যে পান জাপা দি জাপ খাই ভিৰ কৰিছে কাৰ্য্যালয় দুয়োটাতে। ইয়াৰ পিছতে নথি পত্ৰ সমুহ ফটোষ্টেট উলিয়াবলৈ ফটোষ্টেট দোকান অথবা চেন্টাৰ বোৰত ভিৰৰ দৃশ্য দেখিলে অনুমান হয় কোভিড পজিটিভ ৰোগীৰ সংখ্যা বঢ়াবলৈ ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ঠিকা লৈছে।

ক’ৰোণা কালৰ এই মহা আতংকৰ সময়ত চৰকাৰে কিয় এই আচঁনিৰ ধন মোকলাৱ বিছাৰিছে। ইয়াৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি নেকি বুলি বকোৰ সমাজ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । আনহাতে এফালে চৰকাৰৰ মুখ্যমন্ত্ৰী ; স্বাস্থ্য মন্ত্ৰী আৰু বৰমুৰীয়া সকলেই কোভিড প্ৰ’টকল নমনাৰ বাবে সাধাৰণ জনতাক শাস্তি প্ৰদান কৰে আৰু এফালে চৰকাৰৰ বৰমুৰীয়াৰ কাৰ্য্যালয়তেই নিয়ম ভংগ কৰি জনতাৰ থেলা হেছাৰ ভিৰ কৰাৰ ব্যৱস্থা কৰে। এয়া বাৰু কেনেকুৱা চৰকাৰৰ কোভিড প্ৰ’টকল নীতি। এই লৈ শংকিত হৈ পৰিছে বকোৰ জনসাধাৰণ।

Leave A Reply