Breaking

বকোৰ বন্দাপাৰাত গৰু চোৰ আটক । উত্তম মাধ্যম দি গোটালে আৰক্ষীক

0 1,527

ৰাজ্যৰ চৌদিশে আৰক্ষী প্ৰশাসনৰ নিচিদ্ৰ তালাছি চলি থকাৰ সময়তো আৰক্ষীৰ চকুত ধুলি মাৰি এচাম ধুৰন্ধৰ প্ৰকৃতিৰ লোকে কৰি আহিছে চুৰি ডকাইটিৰ দৰে জঘণ্য কাণ্ড।এনে জঘণ্য কাণ্ড কামৰূপ জিলাৰ বকোতো সময়ে সময়ে সংঘটিত হোৱা তথ্য পোৱা যায়। উল্লেখ্য যে ; যোৱা নিশাও কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বন্দাপাৰাত সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা। বন্দাপাৰাত গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল কুখ্যাত গৰু চোৰ ৰুষ্টম আলী।যোৱা নিশা এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বকোৰ বন্দাপাৰাত। বেছেৰা ৰুষ্টমে ৰাতিৰ আন্ধাৰৰ সুবিধা লৈ এঘৰৰ গোহালিত সোমাই গৰু চোৰ কৰিবলৈ লওতেই ধৰা পৰিল ৰাইজৰ ৰোষত। ঘটনা বিৱৰণ অনুসৰি শনিবাৰৰ নিশা বন্দাপাৰা গাওঁৰ এঘৰৰ পৰা হালোৱা গৰু এটা চোৰে লৈ যায়।অঞ্চলটোত সঘনাই সংঘটিত হোৱা চুৰি কাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় যুৱক সকলে পহৰা দি থকা অৱস্থাত নিশা অচিনাকি লোক দেখি সন্দেহ ওপজে আৰু অচিনাকি লোক কেইজনৰ গোপনে পিছ লয়। পিছত এঘৰৰ গোহালিত সোমাই গৰু চোৰ কৰিবলৈ লওতেই খেদি খেদি আটক কৰে ৰুষ্টম আলী নামৰ চোৰ জনক। আনহাতে জানিব পৰা মতে আন দুজন চোৰ পলাই যাবলৈ সক্ষম হয়। নিশা গৰু চুৰি কৰিবলৈ অহা চোৰ ৰুষ্টম আলীক স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই। পিছত ৰাইজৰ আগত ৰুষ্টমে সকলো বিৱৰি কবলৈ বাধ্য হয়। ইফালে যোৱা বুধবাৰৰ নিশাও বকোৰ ৰাজাপাৰাৰ পৰা এটা দামৰা গৰু চুৰি কৰি লৈ যোৱাৰ কথাও ৰাইজৰ আগত অৱগত কৰে।প্ৰকাশ্য যে ; নিশা চোৰ জনক ৰাইজে উত্তম মাধ্যম সোধাই বকো আৰক্ষীক গোটাই দিয়ে বুলি জানিব পৰা গৈছে।

Leave A Reply