Breaking

নাজিৰাত মুল্যবৃদ্ধিৰ বিৰুদ্ধে চি পি আইৰ প্ৰতিবাদ

0 1,033

কৰ’না অতিমাৰীৰ সমান্তৰালভাৱে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰাদামে সৰ্বসাধাৰণ জনগণক জুৰুলা কৰি তোলিছে । মূল্যবৃদ্ধি ৰোধ কৰাত চৰম ব্যৰ্থ হোৱা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ অসমতে বিভিন্ন দল – সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে । আজি নাজিৰাত চি পি আই দলে নিজ কাৰ্যালয় সন্মুখত বয় – বস্তুৰ চৰা দামৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ক’ভিড প্ৰট’কল ৰক্ষা কৰি সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত চি পি আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা শিৱসাগৰ জিলা পৰিসদৰ সম্পাদক কনক গগৈয়ে মূল্যবৃদ্ধি ৰোধ কৰাত চৰম ভাৱে ব্যৰ্থ হোৱা অসম চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীক কঠোৰ সমালোচনা কৰে । চি পি আইৰ নাজিৰা মহকুমা পৰিষদৰ ভালেসংখ্যক বিষয় – ববীয়াই অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

Leave A Reply