Breaking

নেৰা -নেপেৰা বৰষুণৰ বাবে পথাৰতে পচিছে শস্য

0 71

এফালে নিতৌ প্ৰয়োজনীয় সামগ্ৰী আকাশলংঘী মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। আনফালে প্ৰকৃতিৰ ৰোষত কৃষক।যোৱা কিছু দিন ধৰি ৰাজ্যত হৈ থকা নেৰা -নেপেৰা বৰষুণৰ ফলত বিভিন্ন শস্যৰ ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হৈছে। অতিষ্ঠ হৈ পৰিছে ৰাইজ।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত নাম্বাৰপাৰাত কৃষকৰ মূৰত ৰাম টাঙোন পৰিছে। বৰষুণৰ ফলত শস্য চপোৱাৰ সময়ত হোৱা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে সাধাৰণ কৃষকৰ। বৃহত্তৰ কোকিলাৰ বিভিন্ন অঞ্চলত বিলাহী , ঘেহু, নহৰুকে আদি কৰি বিভিন্ন শস্য সম্পূৰ্ণ ৰূপে নষ্ট হৈ গৈছে। বজাৰত মূল্য বৃদ্ধি ইফালে বিনষ্ট হৈছে শস্য। যাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক সকলে।

আন এটা মনকৰিবলগীয়া কথা হৈছে যে যি বোৰ কীটনাশক সাৰ ব্যৱহাৰ কৰা হয় সেই বোৰে কাম নিদিয়াৰ বাবে গেলি পচি যাবলৈ ধৰিছে। অলপ সহায়ৰ কৰাৰ ভাৱে চৰকাৰক আহ্বান জনাইছে কৃষকসকলে।

Leave A Reply