Breaking

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত চৰকাৰী আঁচনিক লৈ জলসম্পদ বিভাগৰ কোটি টকীয়া পকী বেৰা বাগৰি পৰিল দিহা নদীত

0 2,032

অসমৰ অন্যতম পীঠস্থান যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সম্প্ৰতি চলিছে চৰকাৰী আঁচনিৰ নামত একাংশ ঠিকাদাৰৰ লুণ্ঠন। ৰাজনৈতিক নেতাৰ পৰা সৰ্বসাধাৰণ লোকৰ ঢেকীয়াখোৱা বৰনামঘৰ বুলি শ্ৰদ্ধাত মূৰ দোঁ খাই যোৱাৰ বিপৰীতে বিভিন্ন বিভাগৰ একাংশ বিষয়া ঠিকাদাৰৰ বাবে এই নামঘৰভাগী যেন এতিয়া হৈ পৰিছে সোণৰ কণী পৰা হাঁহ।উল্লেখযোগ্য যে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ , সৰ্বানন্দ সোনোৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু ৰাজনৈতিক ৰথী- মহাৰথীয়ে প্ৰত্যেক বছৰেই মহাপুৰুষ মাধৱদেৱে নিজহাতে প্ৰতিস্থা কৰা এই নামঘৰটিলৈ আহি শৰাই নৈব্যদ্য আগবঢ়ায়। ঢেকীয়াখোৱা বৰনামঘৰলৈ এনে ৰাজনৈতিক নেতাৰ আগমৰ পিছতে তেওঁলোকে নামঘৰ উন্নয়নৰ বাবে ঘোষণা কৰি যোৱা বিভিন্ন আঁচনি ৰূপায়ণৰ তৎপৰ হৈ পৰে বিভাগসমূহ। শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আধাৰশিলা কৰা “অসম দৰ্শন” আঁচনিৰ কাষতে দিহা নদীৰ খহনীয়া ৰোধৰ বাবে এক কৌটি নব্বৈ লাখ টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগে এখন আঁচনি গ্ৰহণ কৰে যদি এজাক বৰষুণতে কৌটি টকীয়া বেৰাখন ভাগি পৰে। অভিযোগ অনুসৰি বিভাগটোৰ বিষয়া ঠিকাদাৰৰ ঐতিহাসিক সম্পদটিৰ উন্নয়নতকৈ আবন্টিত টকা চান কঢ়াৰ স্বাৰ্থত অতি নিম্মমানে কাম সম্পাদনা কৰাৰ বাবেই এনেদৰে এজাক বৰষুণতে খহি পৰে পকী বেৰাখন।ইফালে জলসম্পদ বিভাগৰ ঠিকাদাৰৰ এনে নিম্মমানৰ কামৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজে এনে কাণ্ডৰ তদন্তৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি সঠিক ৰূপায়ন কৰাৰ ক্ষেত্ৰত জলসস্পদ মন্ত্ৰীক চকু দিবলৈ আহ্বান জনাইছে।

Leave A Reply